গুৱাহাটী, সংবাদ ৩৬৫, ৫ এপ্ৰিল : সামাজিক দূৰত্ব বজাই ৰখাটোৱে বৰ্তমানলৈকে একমাত্ৰ উপায় কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ। মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ এই উপায় বিভিন্ন সময়ত ৰাইজে সঠিক ভাবে পালন নকৰা পৰিলক্ষিত হোৱাৰ মাজতে দেওবাৰৰ মহানগৰীৰ পাহাৰীয়া অঞ্চলৰ জনতাই আখৰে আখৰে পালন কৰিলে সামাজিক দূৰত্ব।

বিশ্বৰ ২০০ তকৈও অধিক দেশত এতিয়া মাৰ্ষ্টমকন কভিড-১৯ কৰ’ণা ভাইৰাছৰ আতংকত। প্ৰতিদিনে এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা সমগ্ৰ বিশ্বতে সংক্ৰমিত হৈ আছে হাজাৰ হাজাৰ লোক। চিকিৎসা বিজ্ঞানৰ হাতত নাই ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো ধৰণৰ ঔষধ। সামাজিক দূৰত্ব বজাই চলিলে ৰক্ষা পাব পাৰি মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি যোৱা ২৪ মাৰ্চৰ পৰা ২১ দিনৰ বাবে সমগ্ৰ দেশতে তলাবন্ধৰ ঘোষণা কৰিছে। ২১ দিনীয়া এই তলাবন্ধৰ বন্ধৰ সময়ত সবাতোকৈ অধিক সমস্যাৰ সন্মুখীন হৈছে দিন হাজিৰা কৰি কিবাকৈ পৰিয়ালৰ পোহপাল দিয়া লোক সকল। দেশৰ দৰিদ্ৰ আৰু দুখীয়া শ্ৰেণীৰ লোক সকলক সংকটৰ এই সময়ত নিজৰ সমৰ্থ অনুযায়ী সহায়ৰ হাত আগুৱাই দিবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিজেপি নেতা জয়ন্ত কুমাৰ দাসে সহায়ৰ হাত আগুৱাই দিছে দৰিদ্ৰ আৰু দুখীয়া শ্ৰেণীৰ ৰাইজৰ বাবে। দেওবাৰে বিজেপি নেতা জয়ন্ত কুমাৰ দাসে পাঞ্জাবাৰীৰ প্ৰায় ৫০০ দুখীয়া পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী।পাঞ্জাবাৰীৰ পাহাৰীয়া আৰু দুৰ্গম অঞ্চলত বসবাস কৰা ৬ টাকৈ অঞ্চলৰ বাসিন্দা সকলৰ মাজত বিজেপি নেতা গৰাকীয়ে বিতৰণ কৰে চাউল, ডালি মিঠা তেল, আলু, পিয়াজ আদি সমগ্ৰী।

উল্লেখ্য যে, বিভিন্ন সময়ত এনে ধৰণৰ সাহায্য বিতৰণৰ সময়ত সমাজিক দূৰত্ব ভংগ কৰা দেখিবলৈ পোৱা যায় যদিও বিজেপি নেতা জয়ন্ত কুমাৰ দাসে সামাজিক দূৰত্ব বজাই ৰখাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয়। অঞ্চলত কেইটা ৰাইজে এজনৰ পৰা আনজনে এক মিটাৰ দূৰত্বত থিয় হৈ শাৰী পাতি সাহায্যৰ সমগ্ৰী গ্ৰহণ কৰে।