গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জানুৱাৰীঃ অন্ধবিশ্বাস, ডাইনী কাণ্ড, সাম্প্ৰদায়িকতা, সন্ত্ৰাসবাদৰ লগতে সমাজবিৰোধী কামৰ বিৰুদ্ধে দুটা দশক সংগ্ৰাম অব্যাহত ৰখা মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়ালৈ গণতন্ত্ৰ দিৱস উপলক্ষে ইণ্ডিয়া ষ্টাৰবুক অৱ ৰেকৰ্ডছে আগবঢ়াইছে ইণ্ডিয়া ষ্টাৰ ৰিপাব্লিক এৱাৰ্ড৷

শান্তি আৰু মানৱতাৰ হকে নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা ড° দিব্যজ্যোতি শইকীয়াই বান খহনীয়াত আক্ৰান্ত লোকৰ হকে মাত মাতি অহাৰ লগতে তেওঁলোকক সহায়ৰ হাত আগবঢ়াই আহিছে৷

ইফালে পিছপৰা অঞ্চলৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বিভিন্ন সামগ্ৰী প্ৰদান কৰি প্ৰকৃত জ্ঞানলব্ধ শিক্ষাৰ হকে ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱকও শইকীয়াই উদগণি দি আহিছে৷

ড° দিব্যজ্যোতি শইকীয়াই অসমৰ উপৰি মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ছত্তিছগড়, ঝাৰখণ্ড, কৰ্ণাটক, ওড়িছা, বিহাৰ, মণিপুৰ আদিত অন্ধবিশ্বাস, সাম্প্ৰদায়িকতা আদিৰ বিৰুদ্ধে সাধাৰণ জনতাক সজাগ কৰি অহাৰ লগতে নিৰ্যাতিত নিৰিহ লোকক বিভিন্ন প্ৰকাৰে সহায় কৰি আহিছে৷

শান্তি আৰু মানৱতাক মূল মন্ত্ৰ হিচাপে লৈ সেৱা আগবঢ়োৱা ড° দিব্যজ্যোতি শইকীয়াক ভূয়সী প্ৰশংসা কৰি ২০১৫ বৰ্ষত বিশ্বৰ প্ৰখ্যাত সমাজকৰ্মী আন্না হাজাৰে তেওঁৰ ৰাষ্ট্ৰীয় ক’ৰ কমিটিত ড° শইকীয়াক স্থান দিয়ে৷ ড° দিব্যজ্যোতি শইকীয়াৰ অবিৰাম প্ৰচেষ্টাতেই অসমত ডাইনী প্ৰতিৰোধী আইন বলবৎ কৰা হয়।

কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা ড° দিব্যজ্যোতি শইকীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ সচিব প্ৰধানৰ উপৰি বহুকেইটা ৰাষ্ট্ৰীয় সংগঠনৰ ৰাষ্ট্ৰীয় সদস্য৷ উল্লেখযোগ্য যে ইণ্ডিয়া ষ্টাৰৰ বঁটা প্ৰাপক বহুকেইগৰাকীয়ে ইতিমধ্যে পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।