গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জানুৱৰী : মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত শিল্পগ্ৰামত সন্ধিয়া ৫ বজাত আৰম্ভ হ’ব পঞ্চম বাৰ্ষিক উত্তৰ পূৰ্বাঞ্চল আন্তৰ্জাতিক ফেশ্বন সপ্তাহ। এই অনুষ্ঠানটো আয়োজন কৰিছে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষে।

প্ৰশান্ত ঘোষ এগৰাকী আগশাৰী ফেশ্বন ডিজাইনাৰৰ লগতে তেওঁ এগৰাকী ফেশ্বন কৰিঅ’গ্ৰাফাৰো। অসমৰ জনপ্ৰিয় চলচিত্ৰ ” ‘বুকুৰ মাজত জ্বলে’, ‘ চুৰেন চোৰৰ পুতেক’, আৰু ‘খেল” এই তিনিখন চলচ্চিত্ৰত তেওঁ সাজপাৰ ডিজাইন কৰে।

এই ফেশ্বন অনুষ্ঠানটোৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছিল ২০১৫ চনত । ‘পেতা’ অৰ্থাৎ পিউপিল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অফ অনিমেলছ এটা গুৰুত্বপূৰ্ণ অংশ আছিল আৰু প্ৰত্যেক বছৰে বিভিন্ন ধৰণৰ ইত্যাদি উদ্দেশ্য গ্ৰহণ কৰি অনুষ্ঠানটি আয়োজন কৰা হৈছিল ।

বিগত বছৰৰ দৰে এই বছৰো এক উদ্দেশ্য আগত ৰাখি এই ফেশ্বন শ্ব’ অনুষ্ঠিত কৰা হ’ব। ইয়াৰ মূল উদ্দেশ্য হ’ ল – ”ফেশ্যন ফ’ৰ অল” আৰু এই অনুষ্ঠানৰ আয়োজনৰ মূল কাৰণ হ’ল “ছেলটাৰ ফ’ৰ এনিমেলছ”। প্ৰতি বছৰে বছৰে কিছুমান লক্ষ্য আৰু উদ্দেশ্য হাতত লৈ এই ‘ফেশ্বন শ্ব’টি অনুষ্ঠিত কৰা হয়।

এই ফেশ্বন শ্ব’টোৰ অন্য এক মূল কাৰণ হৈছে যে ‘উত্তৰ – পূৰ্বাঞ্চলৰ প্ৰতিভাৱান মডেল, ডিজাইনাৰ সকলে যাতে দেশী – বিদেশী গ্ৰাহক তথা ‘ফেশ্বন ইণ্ডাষ্ট্ৰী’ ৰ আগত নিজৰ প্ৰতিভা ব্যক্ত কৰিব পৰা এক সুন্দৰ মাধ্যম।

এই অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব খাদী বস্ত্ৰ উদ্যোগৰ উপ-মুখ্য কাৰ্যকৰী অধিকাৰী সুকমল দেৱ, আলোক চৰকাৰ আৰু মনোজ দাসৰ লগতে লক্ষ্মী লিম্বু, প্ৰিয়ংকা চক্ৰৱৰ্তী, ৰীনা দাস, গায়ত্ৰী ৰাজবংশী, বিকাশ ৰাভা আদিকে ধৰি বিভিন্ন আগশাৰী দেশী- বিদেশী ফেশ্বন ডিজাইনাৰ উপস্থিত থাকিব।