গুৱাহাটী, ৩ অক্টোবৰঃ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ মাজত আজিৰে পৰা স্পাইচু জেট বিমান সেৱা মুকলি কৰা হয়৷ ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ আকাশী পথেৰে প্রতিদিনে চলিবলগীয়া স্পাইচু জেট বিমান সেৱাই ৰাজ্যখনৰ বাণিজ্যিক উত্তৰণৰ দিশত বৃহৎ বৰঙণি যোগাব বুলি আশা ব্যক্ত কৰা হৈছে৷ আজি এই স্পাইচু জেট বিমান সেৱাৰ আনুষ্ঠানিকভাবে মুকলি কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে স্পাইচু জেটৰ এই পদক্ষেপৰ ফলত বৰাক উপত্যকায়েও ডিব্ৰুগড়ৰ পৰা প্রত্যক্ষ বিমান সেৱাৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে৷ তেওঁ যোগাযোগ ব্যৱস্থা উন্নীতকৰণৰ কাৰণে উমৰাংচু, মানকাচাৰ, মাজুলীৰ দৰে কিছুমান স্থানত হেলিপ’ৰ্ট নিৰ্মাণ কৰাৰ কথা ব্যক্ত কৰি ৰাজ্যখনৰ স্থল পৰিবহণ, জল পৰিবহণৰ লগতে বিমান পৰিবহণ সেৱাৰ উন্নতিকৰণৰ বাবে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্রীয় চৰকাৰেও বিশেষ গুৰুত্ব প্রদান কৰাৰ কথা জানিবলৈ দিয়ে৷ লগতে ৰাজ্যৰ জল পৰিবহণৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিবৰ কাৰণে কেন্দ্রীয় চৰকাৰে ব্ৰহ্মপুত্ৰক ৰাষ্ট্ৰীয় জলপথ২ বুলি ঘোষণা কৰি ব্ৰহ্মপুত্ৰ খননৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ জলপথ সুচল কৰাৰ বাবে ৪০০কোটি টকাৰ আৱণ্টন দিয়াৰ কথাও সদৰি কৰে৷