মাৰ্ঘেৰিটা, সংবাদ ৩৬৫, ৩১ মেঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বানিজ্য শাখাত ৰাজ্যৰ ভিতৰতে নৱম স্থান দখলেৰে বিশাল দেৱনাথে মাৰ্ঘেৰিটাৰ লগতে সমগ্র অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশালৰ এই সাফল্যত মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সমগ্ৰ মাৰ্ঘেৰিটাবাসীৰ মাজত আনন্দৰ জোৱাৰ সৃষ্টি হৈছে। সাধন দেৱনাথ আৰু লক্ষ্মী দেৱনাথৰ পুত্ৰ বিশালে মুঠ ৪৫৭ নম্বৰেৰে নৱম স্থান দখল কৰি ৯১.৪ শতাংশ লাভ কৰিছে। বিশালে ইংৰাজীত ৮৯, অলটাৰনেটিভ ইংৰাজীত ৯৩, একাউন্টেন্সিত ৯৫, বিজনেচ স্টাডীজত ৯০, অৰ্থনীতিত ৯০ আৰু কমাৰ্চিয়েল মেথমেটিকছত ৮৪ নম্বৰ লাভ কৰিছে। অতি মেধা সম্পন্ন ছাত্ৰ বিশালৰ পিতৃ সাধন দেৱনাথ পেছাত এজন দৰ্জী। বিশালে ২০১৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০.৩৩ শতাংশ নম্বৰৰেৰে সুখ্যাতিৰে উত্তীন হৈছিল। কৃতী ছাত্ৰ গৰাকীৰ এই সাফল্যৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ বুধিন গগৈ, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ লগতে বিভিন্ন দল সংগঠনৰ ব্যক্তিয়ে বিশালক শুভেচ্ছা জ্ঞাপন কৰিছে। অন্যহাতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই ছাত্ৰ গৰাকীৰ ঘৰলৈ গৈ জাপি, ফুলাম গামোচা, শৰাই আৰু এটি গছ পুলিৰে বিশাল দেৱনাথক সম্বর্ধনা জনাই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এককালীন ভাৱে ৫০ হাজাৰ টকা আৰ্থিক অনুদান প্ৰদান কৰে।