নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ১ জুনঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকা সময়তে শুক্ৰবাৰে নলবাৰী জিলা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বাহজানী আঞ্চলিক ছাত্ৰ সন্থাই নলবাৰী হাজো পথ অৱৰোধ কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদকাৰী সকলে অসম চুক্তি ৰূপায়ণ কৰা, ভাৰত বাংলা সীমান্ত ছীল কৰা, খিলঞ্জীয়াক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰা আৰু অৱৈধ বিদেশীক বিতাড়ণৰ বাবে ভাৰত বাংলাদেশৰ মাজত দ্বিপাক্ষীক প্ৰত্যাপণ চুক্তিৰ দাৱী উত্থাপন কৰে। এই পথ অৱৰোধ কাৰ্যসূচীত জিলাখনৰ ২২ টাকৈ জাতীয় সংগঠনৰ লগতে কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক অতি শীঘ্ৰে বাতিল কৰাৰ দাবী জনোৱাৰ লগতে বিভিন্ন শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে।