গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ফেব্ৰুৱাৰীঃ গুৱাহাটীত সোমবাৰে কাগজ কল কৰ্মচাৰী সন্থা আৰু শ্ৰমিক সন্থাৰ প্ৰতিনিধিৰ লগত হোৱা এক বৈঠকৰ অন্তন হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ প্ৰবন্ধ নিৰ্দেশক শশীকান্ত জৈনে ঘোষণা কৰে যে অহা মাৰ্চ মাহত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে তিনি মাহৰ দৰমহা লাভ কৰিব। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি জৈনে কয় যে মাৰ্চ মাহত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে তিনি মাহৰ দৰমহা লাভ কৰাৰ লগতে বাকী থকা বকেয়া তিনি মাহৰ মূৰে মূৰে লাভ কৰিব। শশীকান্ত জৈনে লগতে কয় যে কাগজ কল দুটা সম্পূৰ্ণৰূপে ব্যক্তিগতকাৰণ কৰা নহয়। কাগজ কল দুটা পিপিপি মোডত চলিব আৰু ইয়াৰ বাবে এপ্ৰিল মাহত আৰম্ভ হব নিবিদা। জৈনে আৰু কয় যে চৰকাৰ এই কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ কিন্তু দুৰ্নীতিৰ অভিযোগ পালে ইয়াৰ বিৰুদ্ধে ব্যৱবস্থা লোৱা হব।