গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ফেব্ৰুৱাৰীঃ মহানগৰীৰ নিলাচল পাহাৰত থকা উমাচল যোগ আশ্ৰমত এজন ভণ্ড বাবাৰ কামনাৰ বলি হল এগৰাকী মহিলা। জানিব পৰা মতে অসুস্থ মহিলা এগৰাকী চিকিৎসাৰ বাবে উমাচল যোগ আশ্ৰমলৈ যোৱাৰ পিছত ভণ্ড বাবাজনে মহিলা গৰাকীক আশ্ৰমত ধৰ্ষণ কৰে। এই ঘটনা সংঘটিত হোৱাৰ পিছত মহিলা গৰাকীয়ে জালুকবাৰী আৰক্ষী চকীত উপস্থিত হৈ সকলো ঘটনা আৰক্ষীক জানিবলৈ দিয়াৰ পিছত আৰক্ষীয়ে শংকৰ নামৰ ভণ্ড বাবাজনক আটক কৰি অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও নিলাচল পাহাৰত নাৰী নিৰ্যাতনৰ নিচিনা ঘটনা সংঘটিত হৈছিল। ধৰ্ষণৰ অপৰাধত আৰক্ষীয়ে আটক কৰা ভণ্ড বাবা শংকৰ উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে ৰাইজে।