দিছপুৰ, ১ নৱেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নির্দেশ ক্রমে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্রী নৱ কুমাৰ দলে আৰু মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে আজি কলকতা অসম ভৱনত ড° ভূপেন হাজৰিকাৰ কলকতাৰ তালিগঞ্জৰ ৭৭ গলফ ক’ৰ্চ ৰােডস্থিত গৃহৰ বর্তমানৰ অধিকাৰী সুশীল কুমাৰ দাংগীৰ সৈতে এই গৃহটাে অসম চৰকাৰে ক্ৰয় কৰা সম্পৰ্কত এক আলোচনাত মিলিত হয়। উল্লেখ্য যে, এই গৃহটােত ১৯৫০ চনৰ মধ্যভাগৰ পৰা প্রায় এটা দশক কাল সুধাকণ্ঠই বাস কৰি তেখেতৰ সৃজনীশীল প্রতিভাৰে বহু সংখ্যক কালজয়ী গীতৰ ৰচনা তথা কণ্ঠ দানেৰে অসমৰ সাংস্কৃতিক জগতক বিশ্ব দৰবাৰত প্রতিষ্ঠাৰ কামত ব্ৰতী হৈছিল। কিন্তু এই গৃহটাে সুধাকণ্ঠই তেওঁৰ কৰ্মজীৱন মুম্বাইলৈ স্থানান্তৰকৰণ তথা নৰীয়াৰ বাবে সুশীল কুমাৰ দাংগীৰ ওচৰত বিক্ৰী কৰিছিল। অসমৰ জাতীয় জীৱন তথা সাংস্কৃতিক জগতলৈ অনৱদ্য অৰিহণা আগবঢ়োৱা এই গৰাকী প্রবাদ প্রতীম শিল্পীৰ সৃষ্টিশীল কর্মজীৱনৰ স্মৃতি বিজড়িত এই গৃহটাে ৰাজ্য চৰকাৰে ক্ৰয় কৰি ইয়াক এক সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ অংশ হিচাপে মুখ্যমন্ত্রীৰ নির্দেশনাৰ ভিত্তিত আজি সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলে আৰু মুখ্যমন্ত্রী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে গৃহটােৰ বৰ্তমানৰ গৰাকী সুশীল কুমাৰ দাংগীৰ সৈতে আলোচনাত মিলিত হয় যাতে এই প্রক্রিয়াটাে সঠিকভাৱে আগবঢ়োৱাৰ বাবে ইতিবাচক পদক্ষেপ ল’ব পৰা যায়। অত্যন্ত সৌহাৰ্দপূর্ণ পৰিৱেশত অনুষ্ঠিত হােৱা এই আলোচনাত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিদ্বয়ে ড° ভূপেন হাজৰিকাৰ বর্তমানৰ গৃহৰ গৰাকী সুশীল কুমাৰ দাংগীক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নির্দেশ ক্রমে এই আলোচনা কৰা হৈছে বুলি জনায়। প্রতিনিধিদ্বয়ে বর্তমানৰ ৰাজ্য চৰকাৰে প্ৰবাদ প্রতীম শিল্পী গৰাকীৰ স্মৃতি বিজড়িত এই গৃহটাে সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মনস্থ কৰিছে বুলিও কয়। এই গৃহটাে ক্রয় কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে উপযুক্ত মূল্য প্রদান কৰিব বুলিও প্রতিনিধিদ্বয়ে বর্তমানৰ গৰাকীক অৱগত কৰে। গৃহটােৰ বৰ্তমানৰ গৰাকী দংগীয়ে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱৰ প্ৰতি সন্মান জনাই তেওঁৰ পৰিয়ালৰ সৈতে আলোচনা কৰি এই দিশত ইতিবাচক চিন্তা-চৰ্চা কৰি অচিৰেই ৰাজ্য চৰকাৰক অৱগত কৰিব বুলিও কয়। আলোচনা অনুষ্ঠিত কৰাৰ পিছতে সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলে আৰু মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে তালিগঞ্জত থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এসময়ৰ গৃহটাে পৰিদৰ্শন কৰে আৰু ইয়াৰ বৰ্তমানৰ অৱস্থাৰ বুজ লয়। আজিৰ এই আলোচনাত কলকাতাৰ অসম ভৱনৰ ট্রেড এডভাইছাৰ আৰু ডাইৰেক্টৰ অৱ মোভমেন্টচ দেবাশীষ চক্ৰৱতীও উপস্থিত আছিল।