কলগাছিয়া, নবেম্বৰ ২: দেশৰ ভৱিষ্যত গঢ়াৰ খনিকৰ শিক্ষক এজনৰ কৰুণ অৱস্থাই স্বৰূপ উদঙাইছে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগত৷ বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত সৰভোগ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক তেওঁ৷ তেওঁ হ’ল সৰভোগৰ গেল্লেপাৰা নিবাসী ওৱাহেব আলী৷ ১৯৯৭ চনৰ পৰা আজিলৈকে ২১ বছৰ ধৰি বিনা পাৰিশ্ৰমিকত শিক্ষকতা কৰি অঞ্চলটোত শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত অগ্ৰণি ভূমিকা লৈ আহিছে৷ ৰাজ্য চৰকাৰ আৰু শিক্ষামন্ত্ৰীয়ে ৰাজ্যখনত ৭৩.১৮% সাক্ষৰ বুলি গৌৰৱ কৰাৰ অন্তৰালত আছে এইসকল শিক্ষকৰ বিৰামহীন নিস্বাৰ্থ সেৱা৷ এই শিক্ষকজনে শেহতীয়াভাৱে শিক্ষক হৈও জীৱিকাৰ তাৰণাত ই-ৰিক্সা চলাবলগীয়া হৈছে৷ স্কুলৰ সময়ত তেওঁ এজন শিক্ষক হৈ থাকে কিন্তু স্কুল ছুটীৰ পাছতে তেওঁৰ আৰম্ভ হয় আন এখন যুদ্ধ৷ ই-ৰিক্সাখন লৈ তেওঁ নামি পৰে ৰাস্তাত গ্ৰাহকৰ সন্ধান৷ সচেতন মহলৰ মতে, ই-ৰিক্সা বা অটো চলোৱাতো কোনো অপৰাধৰ কাম নহয়৷ কিন্তু শিক্ষক এজনে ই-ৰিক্সা চলোৱাতো সমাজৰ বাবে শুভ লক্ষণ নহয়৷ অসম চৰকাৰ বা শিক্ষামন্ত্ৰীয়ে যিমানেই নকওক কিয় প্ৰকৃততে বাস্তৱ অৱস্থা অতি নিদাৰুণ হৈ পৰিছে৷ ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আইন আনিলেও বহু শিক্ষকে প্ৰাদেশিকীকৰণ পৰা বঞ্চিত হৈ পৰিছ৷ অন্যহাতে বিত্তীয় সাহায্যও বন্ধ কৰিছে৷ এনেবোৰ ঘটনাই প্ৰমাণ কৰে চৰকাৰখনে সঁচাকৈ শিক্ষকক মৰ্য্যদা দিয়াত ব্যৰ্থ হৈছে নেকি? এইদৰে প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলত৷ ইতিমধ্যে বহু শিক্ষকে বঞ্চনাৰ বলি হৈ আত্মহত্যাৰ পথ বাচি লৈছে৷ ৰাজ্য চৰকাৰে ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ মাজেৰে ওৱাহেব আলীৰ দৰে শিক্ষকসকলক উচিত মৰ্যদা আৰু প্ৰাপ্য প্ৰদান কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক ৰক্ষা কৰিবনে বুলি সচেতন মহলে মতপোষণ কৰিছে৷