গুৱাহাটী, সংবাদ ৩৬৫, ১১ মেঃ মালিগাঁৱত এজন গৃহৰক্ষী জোৱানৰ প্ৰহাৰত ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী আহত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মহাবিদ্যালয়খনৰ ছাড়া সিং সৌহান নামৰ এগৰাকী ছাত্ৰী পৰীক্ষা দি এজন যুৱকৰ সৈতে বাইকেৰে ঘৰত গৈ থাকোঁতে যুৱক জনে হেলমেট পৰিধান নকৰাত গৃহৰক্ষী জোৱান জনে আক্ৰমণ কৰে। গৃহৰক্ষী জোৱান জনৰ আক্ৰমণত ছাত্ৰী গৰাকী আঘাতপ্ৰাপ্ত হোৱাত ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে উত্তেজিত হৈ মালিগাঁৱৰ ৰাজপথ অৱৰোধ কৰে। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দিনবন্ধু কলিতা নামৰ গৃহৰক্ষী জোৱান জনক চাকিৰৰ পৰা নিলম্বন কৰে।