গুৱাহাটী

৮ নৱেম্বৰ

মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱলে বিতৰণ কৰিলে শিক্ষাঋণৰ ৰাজ সাহাৰ্য্য। অভিনন্দন আঁচনি অধীনত শিক্ষাঋণৰ ৰাজসাহাৰ্য্য লাভ কৰা হিতাধিকাৰী সকলক মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে শিক্ষাঋণ ৰাজ সাহাৰ্য্য। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে আমিনগাঁৱৰ নুমলী জহাল পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰী সকলক বিতৰণ কৰে শিক্ষাঋণৰ ৰাজ সাহাৰ্য্য।

ৰাজ্য চৰকাৰৰ শিক্ষাঋণ আঁচনিৰ অধীনত ১৫৪৫ গৰাকী শিক্ষাৰ্থীয়ে ৫০ হাজাৰ টকাকৈ শৈক্ষিক ঋণৰ ৰাজসাহায্য লাভ কৰা উপৰিও ৪৫০৭ গৰাকী শিক্ষাৰ্থীলৈ এই ৰাজসাহাৰ্য্য পুঁজি তেওঁলোকৰ ঋণ একাউন্টলৈ প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হয়। এই আঁচনিৰ অধীনত বৰ্তমানলৈকে সৰ্বমুঠ ৬০৫২ গৰাকী শিক্ষাৰ্থীয়ে শৈক্ষিক ঋণ লাভ কৰিছে। ৰাজ্য চৰকাৰৰ শিক্ষাঋণ আঁচনিৰ অধীনত সৰ্বমুঠ ২২ কোটি টকা শিক্ষাৰ্থীসকলৰ শৈক্ষিক ঋণ তেওঁলোকৰ একাউন্টলৈ হস্তান্তৰিত হ’ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, অভিনন্দন আঁচনিৰ লগতে ৰাজ্য চৰকাৰৰ অন্যান্য বহু আঁচনিৰ জৰিয়তে বৰ্তমান ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰী সকললৈ আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে। ছাত্ৰ-ছাত্ৰী সকলে চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনিৰ সা-সুবিধা সদ ব্যৱহাৰ কৰি নিজকে দক্ষ, যোগ্য মানৱ সম্পদ হিচাপে গঢ় দি দেশৰ লগতে বিশ্বৰ বুকুত উজলি উঠাৰ চেষ্টা চলাই চলাই যাব লাগে। আৰ্থিক সমস্যা বাবে যাতে কোনো ছাত্ৰ-ছাত্ৰীয়ে উচ্চশিক্ষাৰ লাভৰ পৰা বঞ্চিত নহয় সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান ৰাজ্য চৰকাৰে অভিনন্দন আঁচনি, বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া ইউনিফৰ্ম, শৈক্ষিক জলপান, হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে মেজ ডিউজন ঋণ প্ৰদান দৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰী সকলক কঠোৰ পৰিশ্ৰমেৰে আগুৱাই যাবলৈ আহ্বান জনায়। অসমৰ নৱ প্ৰজন্মৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে বৰ্তমান চৰকাৰে ৰাজ্যখনত নতুনকৈ ৮ খন চিকিৎসা মহাবিদ্যালয় ৯ খন অভিযান্ত্ৰিক মহাবিদ্যালয়, ৩২ খন পলিটেকনিক, মঙলদৈত স্কীল ইউনিভাৰ্চিটি, মাজুলীত সাংস্কৃতিক বিদ্যালয়, চাবুৱাত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ক্ৰীড়া বিশ্ববিদ্যালয়, চাংসাৰিত সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান, গোগামুখত ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠান,নযোৰহাটত নেশ্যনেল ইউনিভাৰ্চিটি অৱ ডিজাইনাৰ আদি নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানিবলৈ দিয়ে।

অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূবৰ মুখ্য মহাপ্ৰবন্ধক আৰ এছ ৰমেশ, হাজো বিধানসভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, কৰ বিভাগৰ আয়ুক্ত অনুৰাগ গোৱেল, কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্ত্তিক, ভাৰতীয় ষ্টেট বেংকৰ মহাপ্ৰবন্ধক সুৰঞ্জনা দত্তকে ধৰি বহু গণ্য মান্য ব্যক্তি আৰু শিক্ষাৰ্থী তথা অভিভাৱক সকল উপস্থিত থাকে।