আনিছুৰ আলী

গৌৰিপুৰ

৮ নৱেম্বৰ

হিমন্ত বিশ্ব শৰ্মাৰ সভ্যতা সংস্কৃতি অসমৰ বাবে ভয়ংকৰ। ইয়াক প্ৰতিহত কৰিবলৈ ৰাইজলৈ আহ্বান বিধায়কৰ। আজমল সভ্যতা নহয়,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভ্যতাই ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব।হিমন্তৰ এনে সভ্যতা প্ৰতিহত কৰিব নোৱাৰিলে অসমৰ সাতাম পুৰুষীয়া শান্তি সম্প্ৰতি বিনষ্ট হ’ব।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচন দুই সভ্যতাৰ মাজত যুঁজ হ’ব বুলি কৰা মন্তব্যক উভতি ধৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰূদ্ধে সৰৱ হৈ পৰিছে এআইইউডিএফৰ ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক। ধুবুৰীৰ বিধায়ক গৰাকীয়ে সাংসদ বদৰুদ্দিন আজমল অসমৰ সকলো জাতি গোষ্ঠীৰ মানুহৰ হিতাৰ্থে কাম কৰি আহিছে কিন্তু হিমন্ত‌ বিশ্ব শৰ্মাই অসমখনত অশান্তিৰ বাতাবৰণ সৃষ্টিৰ চেষ্টা চলাইছে বুলিও মন্তব্য কৰে। গৌৰীপুৰৰ বেপাৰীপট্টীত অনুষ্ঠিত হোৱা সমষ্টি ভিত্তিক এআইইউডিএফ দলৰ এখন কৰ্মী সভাত উপস্থিত হৈ ধুবুৰীৰ বিধায়ক নজৰুল হকে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধূনা দিয়ে। ওমৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মূখ্য অতিথি হিচাপে উপস্থিতি থাকে এআইইউডিএফৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি মুফতি আব্দুল হক, নাওবৈছা সমষ্টিৰ বিধায়ক মামুন এমদাদুল হক, ধুবুৰীৰ বিধায়ক নজৰুল হক আৰু স্থানীয় গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এআইইউডিএফ দলৰ কৰ্মী সকল।

ধুবুৰীৰ বিধায়ক গৰাকীয়ে চৰ-চাপৰিবাসীৰ গৰাখহনীয়া, জৰাজীৰ্ণ বাটপথ, স্বাস্থ্য, শিক্ষাৰ লগতে বহু সমস্যা আছে আৰু এই সমস্যা সমূহ সমাধান হ’ব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে।এআইইউডিএফে মিঞা সংগ্ৰালয় নিবিচাৰে বুলিও বিধায়ক হকৰ স্পষ্ট মন্তব্য। আনহাতে শিলচৰৰ বিমানবন্দৰত পাকিস্তান জিন্দাবাদ ধ্বনিৰ অন্তৰালত ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি তেওঁ অভিযোগ উত্থাপন কৰে।কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ ভয়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাহিনী শংকিত হৈ চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ ধৰ্মীয় মেৰু বিভাজনৰ নিকৃষ্ট ৰাজনীতিত নামি পৰিছে বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক হকে।