কুন্দন ভৰালী

নগাঁও

৪ জুলাই

ৰাইজৰ ৰোষত পৰিল এগৰাকী আৰক্ষী জোৱান। নিচা জাতীয় সামগ্রী কিনিবলৈ যোৱা আৰক্ষী জোৱানক ৰাইজৰ উত্তম মাধ্যম। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত পলায়ন আৰক্ষী জোৱানজনৰ।

নিচা জাতীয় সামগ্ৰীৰ ঘাটিত পৰিণত হোৱা নগাঁও জিলাৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে চলাই প্ৰায়ে বুজন পৰিমাণৰ নিচা জাতীয় সামগ্ৰী উদ্ধাৰ কৰা দেখিবলৈ পোৱা যায়। নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ তৎপৰতা বিভিন্ন সময়ত নগাঁওবাসীয়ে শলাগ লোৱাও পৰিলক্ষিত হয়। শনিবাৰে কিন্তু এক বিপৰীত দৃশ্যহে দেখা গ’ল নগাঁৱত। আৰক্ষীৰ শলাগ লোৱা ৰাইজে উত্তম মাধ্যম সুধালে এজন আৰক্ষীৰ জোৱানক। খাকী পোছাক পৰিধান কৰি এজন আৰক্ষীৰ জোৱান নিচা জাতীয় সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ ৰাইজৰ হাতত ধৰা পৰে। নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ অধীনৰ নগাঁও ৰে’ল ষ্টেচনৰ সমীপত দীৰ্ঘদিন ধৰি নিচা জাতীয় সামগ্ৰীৰ বেহা চলাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে শনিবাৰে ৰেল ষ্টেচনৰ সমীপৰ উক্ত অঞ্চলটোৰ পৰা নিচা জাতীয় সামগ্ৰী কিনিবলৈ গৈছিল আৰক্ষীৰ জোৱান জন।

একাংশ সচেতন লোকৰ চকুত আৰক্ষী জোৱান জন নিচা জাতীয় সমগ্রী কিনি থকা ধৰা পৰাত লগে লগেই আৰক্ষীৰ জোৱান জনক ঘেৰাও কৰে ৰাইজে। কিছুমানে আৰক্ষী জোৱান জনক জবাবদিহি কৰে যদিও ইয়াৰে মাজৰ পৰা কোনোবাই আকৌ জোৱান জনক প্ৰহাৰো কৰে। পৰিস্থিতিৰ অধিক অৱনতি ঘটাত সুযোগ বুজি ঘটনাস্থলীৰ পৰা আৰক্ষীৰ জোৱান জন পলায়ন কৰে।