আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১২ অক্টোবৰ

ঐতিহাসিক অৱবিভক্ত শিৱসাগৰ জিলাত অব্যাহত আছে বৈধ, অৱৈধ মৰণাস্ত্ৰৰ ঝনঝননি৷ ৰাজ্যৰ গৃহ বিভাগৰ সোপা ধিলা স্থিতিৰ বাবেই ক্ৰমাত ঐতিহাসিক জিলাখনত বৈধ, অৱৈধ মৰণাস্ত্ৰধাৰীৰৰ দপদপনি দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷

অবিভক্ত শিৱসাগৰ জিলাত বৈধ, অৱৈধ মাৰাণাস্ত্ৰৰ ঝনঝননিৰ অভিযোগত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত নগৰৰ মুক্তিনাথ চাৰিআলিত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।

উল্লেখ্য যে, শিৱসাগৰ আৰু চৰাইদেউ জিলাত অনুজ্ঞাপত্ৰধাৰী বন্দুকেৰে সন্ত্ৰাস সৃষ্টি কৰা লোকৰ ওপৰত নিয়ন্ত্ৰণ অনাত গৃহ বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত আৰু শীঘ্ৰে জিলাখনত চলি থকা অৰাজকতাৰ অৱসান ঘটোৱাৰ দাবীতেই আছুৱে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে।