গুৱাহাটী, সংবাদ ৩৬৫, ৩ জানুৱাৰী : শৃংখল চলিহাৰ জামিনৰ বাবে আবেদন । জামিনৰ বাবে আবেদন দাখিল কৰে অধিবক্তা উপমন্যু হাজৰিকাই । ৯ জানুৱাৰীত আবেদনৰ শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

উল্লেখযোগ্য যে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা ২৪ ডিচেম্বৰত “কা” বিৰোধী আন্দোলনত ভাষণ দি থাকোতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

তাৰপিছতে বীৰ লাচিত সেনাৰ শৃংখল চলিহাক ২৬ ডিচেম্বৰত হাজিৰ কৰোৱা হৈছিল মুখ্য ন্যায়াধীশ দণ্ডাধীক্ষৰ কাৰ্য্যালয়ত। তাৰপাছত ২ দিনৰ বাবে চি আই ডিয়ে জিম্মাত লৈছিল। ইয়াৰ পাছতে পুনৰ চি আই ডিয়ে ২ দিনৰ বাবে নিজৰ জিম্মাত লৈছিল শৃংখল চলিহাক।