বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত কোমৰাকাটা গাঁৱৰ ষষ্ঠ খণ্ডত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটি হৰিণা দুৰ্বৃত্তই হানি খুচি হত্যা কৰে। শুক্ৰবাৰে পুৱা প্ৰায় ৭ মান বজাত স্থানীয় ৰাইজে মৃত অৱস্থাত হৰিণাটোক উদ্ধাৰ কৰি ঘটনাৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অবগত কৰাত আৰক্ষী আৰু বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হৰিনাটো অভয়াপুৰী পশু চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উক্ত ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু স্থানীয় ৰাইজে জানিবলৈ দিছে যে বিভিন্ন সময়ত কিছুমান দুৰ্বৃত্তই অঞ্চলটোত মাংস বাবে হৰিণা নিধন কৰি আহিছে। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিলেই বিভিন্ন সময়ত দুৰ্বৃত্তই হৰিণা নিধন কৰে যদিও ইয়াক ৰোধ কৰাৰ বাবে অথবা হৰিণা নিধনৰ লগত জড়িত দুৰ্বৃত্তক আটক কৰাৰ বাবে বন বিভাগে কোনো ধৰণৰ প্ৰক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে।