যোৰহাট, নৱেম্বৰ ২: জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অন্যান্য পথসমূহ শীঘ্ৰে মেৰামতিৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে আজি যোৰহাটৰ অজন্তা হল বাইপাছৰ সমীপত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে৷ এই কাৰ্যসূচীত সংগঠনটোৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামত নামাকৰণ , জৰাজীৰ্ণ ককিলামুখ সংযোগী জে বি ৰোড দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ নামত নামাকৰণ আৰু জৰাজীৰ্ণ তিতাবৰ সংযোগী ন আলি পথটো বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ নামত নামাকৰণ কৰা হৈছিল৷ কিন্তু নামাকৰণহে কৰা হ’ল মেৰামতি ন’হল পথসমূহ৷ বাৰম্বাৰ চৰকাৰক পথ মেৰামতিৰ দাবী জনাই অহাৰ পাছতো বৰ্তমানলৈকে চৰকাৰে পথ মেৰামতিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী সকলে৷ অতি শীঘ্ৰেই যদি চৰকাৰে জৰাজীৰ্ণ পথসমূহৰ মেৰামতিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী পৰ্যায়ত আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে৷