মিৰ্জা, নৱেম্বৰ ২: ৰাজ্যৰ বন মন্ত্ৰীয়ে সেউজীয়া সংৰক্ষিত বনাঞ্চল সমুহত অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ কথা কৈ অহাৰ সময়তে  মহানগৰীৰ গাতে লাগি থকা পূৱ বন সংমণ্ডৰ অধিনস্থ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ সম্মুখেৰেই চলি আছে বহু অবৈধ কাৰ্যকলাপ৷ বিগত এটা বছৰত বৃদ্ধি পাইছে এই অবৈধ কাৰ্যকলাপ৷ দিনদুপৰতেই নিতৌ সৰবৰাহ হৈ আছে অবৈধ মূল্যবান চোৰাং কাঠ৷ অসমৰ পাহাৰীয়া দুৰ্গম অঞ্চলৰৰ পৰা স্থানীয় চোৰাং কাঠ ব্যৱসায়ীয়ে মূল্যৱান গছৰ কাঠ ট্ৰাকে ট্ৰাকে সৰবৰাহ কৰি আহিছে৷ স্থানীয় দল-সংগঠনৰ অভিযোগ যে অসম আৰু চুবুৰীয়া পাহাৰীয়া ৰাজ্য মেঘালয়ৰ পৰা বহু মূল্যৱান গছ কাটি অসমৰ ৰাণী অঞ্চলৰ বহু নিজম ঠাইত মজুত ৰাখি ট্ৰাকেৰে ৰাণী বন বিভাগৰ একাংশ বনকৰ্মীক মেনেজ কৰি চলাই আছে এই অবৈধ ৰমৰমীয়া বেহা৷ ৰাণীৰ মৈৰাপুৰ, গনপতি, গোহাঁইহাত, পাগেলীবাগান, মেকুৰীকুছী, শুকুৰবেৰীয়া, জয়পুৰ, বেলগুৰী আদি গ্ৰামাঞ্চলসমুহত চোৰাং এই মুল্যৱান কাঠ আৰু গছৰ কুণ্ডা সমুহ মজুত ৰাখি স্থানীয় একাংশ কাঠ  মাফিয়াই নিকটৱৰ্তী মিৰ্জা, বঙৰা, বিজয়নগৰ , কুকুৰ মাৰা, পলাশবাৰীলৈ সৰবৰাহ কৰি আছে৷ স্থানীয় প্ৰত্যক্ষদৰ্শী ৰাইজে  বহুবাৰ এই ব্যৱসায়ৰ বিৰুদ্ধে স্থানীয় বন বিষয়া প্ৰফুল্ল শৰ্মাক অভিযোগ তথা অৱগত কৰি আহিছে যদিও একমাত্ৰ ৰাণী এই বন কাৰ্যালয়ৰ একাংশ বন কৰ্মী মেনেজ হোৱাৰ বাবেই ৰোধ হোৱা  নাই এই অবৈধ ব্যৱসায়৷ ৰাণীৰ এইসকল চোৰাং কাঠ ব্যৱসায়ীয়ে বন কৰ্মীৰ মাজত  বৃহৎ  ধনৰ লেনদেনৰ বাবেই এনেদৰে ৰমৰমীয়া অবৈধ ব্যৱসায় চলাই আহিছে বুলি অভিযোগ স্থানীয় গল-সংগঠনৰ৷ মহানগৰীৰ গাতে লাগি থকা একমাত্ৰ মূল্যৱান গছ-গছনীৰে ভৰপূৰ সেউজীয়া এই সংৰক্ষিত ৰাণী বনাঞ্চলত চলি থকা দুষ্কাৰ্য অতিশীঘ্ৰে ৰোধ কৰি মূল্যৱান গছ-গছনীসমুহ ৰক্ষা কৰিবলৈ স্থানীয় দল-সংগঠনে বন মন্ত্ৰী লৈ মুকুলি আহ্বান জনাইছে৷