যোৰাবাট, ৬ মেঃ যোৰাবাট সংঘটিত এক পথ দুৰ্ঘটনাত দুজন যুৱক গুৰুতৰ ভাবে আঘাট প্ৰাপ্ত হয়৷ আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুহৰি, যুৱক দুজনে নিচাসক্ত হৈ স্কুটী চলাই অহাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়৷ সোণাপুৰৰ এখন ধাবাত যুৱক দুজনে মদ্যপান কৰি এএছ০১ বিভি ১৫০৫ স্কুটীৰে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত যোৰাবাটৰ এক নং টানিংৰ ওচৰত বিয়লি ৪ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়৷ দুৰ্ঘটনাত যুৱক দুজন গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয়৷ স্থানীয় লোকে ততাতৈয়াকৈ যোৰাবাট আৰক্ষীক দুৰ্ঘটনাৰ খবৰ দিয়ে৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত যুৱক দুজন চিকিৎসাৰ কাৰণে সোণাপুৰৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে, ন্যায়ালয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ পৰা ৫০০ মিটাৰ দূৰত্বত মদ আদি নিচাযুক্ত সামগ্ৰী বিক্ৰিত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ কিন্তু ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতো সোণাপুৰ, যোৰাবাটকে ধৰি বিভিন্ন অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই দাঁতিত থকা হোটেল, ৰেষ্টুৰেন্টত মুকলি ভাৱে এনে অবৈধ সামগ্ৰীৰ বেহা চলি আছে৷ কমিছনৰ আশাত কিছুসংখ্যক আৰক্ষী, প্ৰশাসনৰ লোকে এই এনে ব্যৱসায়ীক ৰক্ষণা-বেক্ষণ দি অহাৰো অভিযোগ সময়ে-সময়ে উত্থাপন হৈ আহিছে৷ যাৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাৰ সংখ্যাও দিনক-দিনে বৃদ্ধি পাব ধৰিছে৷