গুৱাহাটীৰ পৰা হাস্না‌ বেগম, সংবাদ ৩৬৫, ১৯ এপ্ৰিল : বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰততো অব্যাহত আছে লকডাউন। কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা মানৱ জাতিক ৰক্ষা কৰিবলৈ বিশ্বৰ কেইবাখনো দেশে লকডাউনৰ নিচিনা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা ২৪ মাৰ্চৰ পৰা ভাৰততো কেন্দ্ৰ চৰকাৰে ঘোষণা কৰিছে লকডাউন। লকডাউন মানৱ জাতিৰ ৰক্ষাৰ স্বাৰ্থত গ্ৰহণ কৰা এক কঠোৰ সিদ্ধান্ত কিন্তু এই লকডাউন সংকট কঢ়িয়াই আনিছে বন্যপ্ৰাণী সমূহলৈ। ভাৰতৰ উত্তৰ পূৱৰ অৰুণাচল আৰু নাগালেণ্ডৰ পৰা অহা বন্যপ্ৰাণীৰ ওপৰত মানুহৰ আক্ৰমণৰ দৃশ্যই ইয়াৰে জাননী দিছে।

কভিড-১৯ কৰ’ণা ভাইৰাছৰ আতংকত মানৱ জাতি লকডাউনৰ আশ্ৰয় লৈ গৃহবন্দী হৈ পৰাৰ লগে লগে বন্যপ্ৰাণী সমূহে কিছুসময়ৰ বাবে পৃথিৱীৰ বুকুত বিচনাৰ কৰিবলৈ লাভ কৰিছিল এক মুক্ত পৰিবেশ। লকডাউনৰ ফলত যান-বাহন, উদ্যোগ, দোকান, কার্যলায় সকলো বন্ধ হৈ পৰাত পৃথিৱীৰ বুকুত বিৰাজমান হোৱা প্ৰদূষণমুক্ত পৰিবেশত আত্মহাৰা হৈ মুক্তভাবে পৃথিৱীত ঘূৰি ফুৰিবলৈ সক্ষম হৈছিল বন্যপ্ৰাণী সমূহ। বিশ্বৰ বিভিন্ন দেশৰ পৰা আহিছিল পৃথিৱীৰ বুকুত বন্যপ্ৰাণী সমূহৰ মুক্ত বিচৰণৰ ছবি। ভাৰতৰ উত্তৰ পূৱৰ কেইবাখনো ৰাজ্যতো দেখিবলৈ পোৱা গৈছিল অনুৰূপ দৃশ্য। লকডাউনৰ এই সময়তে মহানগৰীৰ দীঘলীপুখুৰীৰ বুকুলৈ নামি আহিছিল জাকে জাকে শৰালী হাঁহ। ইয়াৰ সমান্তৰালে আকৌ লকডাউনৰ এই সময়ত সংকট নামি অহা দেখা গৈছে বন্যপ্ৰাণী সমূহৰ ওপৰত।

উত্তৰ পূৱৰ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ পৰা বন্যপ্ৰাণীৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ দৃশ্যই পুনৰ প্ৰমাণ কৰিছে মানৱ জাতিৰ হাতত সুৰক্ষিত নহয় বন্যপ্ৰাণী সমূহ। কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ পৰা অহা এক দৃশ্যই বুকু কঁপাই তুলিছে প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত লোকৰ। অৰুণাচল প্ৰদেশৰ কোনোবা এটা অঞ্চলৰ পৰা আহিছে মানুহে বিৰল প্ৰজাতিৰ প্ৰকাণ্ড এটা কিং কোৱ্ৰা হত্যা কৰি ভক্ষণ কৰা দৃশ্য। প্ৰায় ১০ ফুট দৈঘ্যৰ বিৰল প্ৰজাতিৰ প্ৰকাণ্ড কিং কোৱ্ৰাটো হত্যা কৰি তিনিজনকৈ লোকে কান্ধৰ তুলি বৰ্ণনা কৰিছে যে হাবিত খদ্যা বিচাৰি যাওঁতে এই বিৰল প্ৰজাতিৰ কিং কোৱ্ৰাটো তেওঁলোকে হত্যা কৰিছে। কিং কোৱ্ৰাটো তেওঁলোকে ভক্ষণৰ বাবে হত্যা কৰিছে বুলিও ভিডিও ফুটেজত বৰ্ণনা কৰিছে হত্যাকাৰী কেইজনে। আনহাতে, নাগালেণ্ডৰ পৰা আহিছে বন্যপ্ৰাণী ভক্ষণৰ অন্য এক শিহৰণকাৰী দৃশ্য। নাগালেণ্ডৰ কোনোবাইটা অঞ্চলত কেইজনমান যুৱকে কেইবাটাও হৰিণা আৰু হাপা হত্যা কৰি ভক্ষণৰ বাবে প্ৰস্তুতি চলাই থকাৰ এক ভিডিও ফুটেজ ভাইৰেল হৈছে সামাজিক মাধ্যমত। ভিডিও ফুটেজটোত এজন যুৱকে বৰ্ণনা কৰিছে যে তেওঁলোকে নাগালেণ্ডৰ মন নদীৰ ওচৰত আছে। তেওঁলোকে লকডাউন উৎসৱ পালন কৰিছে মন নদীৰ পাৰত।

বিভিন্ন সামাজিক মাধ্যমত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ বন্যপ্ৰাণী হত্যাৰ নিষ্ঠুৰ ভিডিও ফুটেজ দুটা প্ৰত্যক্ষ কৰি প্ৰকৃতিপ্ৰেমী আৰু বন্যপ্ৰাণী প্ৰেমী সকলৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে এই দুটা ঘটনাৰ লগত জড়িত ব্যক্তি সকলৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।