শিবেন্দু বৰা
জুৰীয়া
১৮ জুলাই

লাওখোৱা অভয়াৰণ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ। বাঢ়নী পানীত সম্পূৰ্ণ ৰূপে ডুব যোৱা অভয়াৰণ্যখনৰ বন্যপ্ৰাণী সমূহ চলাই গৈছে নিৰাপদ স্থানৰ সন্ধান। প্ৰতিদিনে বন বিভাগে বাঢ়নী পানীৰ মাজৰ পৰা উদ্ধাৰ কৰিছে বহু বন্যপ্ৰাণী।

উজনিৰ পৰা নামনিলৈকে বানপানীৰ তাণ্ডৱ। উফন্দি উঠা নৈ-উপনৈ সমূহে প্লাবিত কৰিছে কেইবাখনো জিলাৰ বিস্তীৰ্ণ এলেকা। ভয়াবহ বানৰ কবলত পৰা ৰাইজ প্ৰাণৰ মায়াত ঘৰ এৰি আশ্ৰয় লৈছে ওখ ঠাই সমূহত।কালৰূপী বানপানীৰ ফলত মানুহৰ সমান্তৰালে প্ৰভাৱিত হৈছে বন্যপ্ৰাণী সমূহ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি পবিতৰা অভয়াৰণ্য আৰু লাওখোৱা অভয়াৰণ্যৰ বন্যপ্ৰাণী সমূহলৈ বিপদ নমাই আনিছে বানপানীয়ে। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঢ়নী পানীত ডুব যোৱাত উদ্যানখনৰ বন্যপ্ৰাণী সমূহে নিৰাপদ স্থানৰ সন্ধানত ঢাপলি মেলিছে কাষৰীয়া কাৰ্বি পাহাৰলৈ। বানৰ কবলত পৰি নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যৰো একে অৱস্থা। অভয়াৰণ্যখন বাঢ়নী পানীৰে প্লাবিত হৈ পৰাত জীৱ-জন্তু সমূহলৈ নামি আহিছে সংকট। লাওখোৱা অভয়াৰণ্যৰ ওখ ভেটি সমূহ বানৰ পানীত ডুব যোৱাত অভয়াৰণ্যখনত থকা জীৱ-জন্তু সমূহে নিৰাপদ আশ্ৰয় বিচাৰি কাষৰীয়া গাঁও সমূহৰ ফালে ঢাপলি মেলিছে। বৰ্তমানলৈকে প্ৰাণৰ মায়াৰ গাঁও সমূহলৈ প্ৰৱেশ কৰা ২০ টাকৈ পহু, কেইবাটাও বনৰীয়া গাহৰি লগতে বহুতো জীৱ-জন্তু বন বিভাগে উদ্ধাৰ কৰাৰ সমান্তৰালে শনিবাৰে পুনৰ জুৰীয়াৰ কালিয়াডিঙা আৰু দন্দুৱা গাঁৱত প্ৰকাণ্ড অজগৰ সাপ এটা ৰাইজে উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে।

ইতিমধ্যে ভৰলুইতৰ বলিয়া বানৰ কৱলত পৰা লাওখোৱা অভয়াৰণ্যত বিলুপ্ত পৰ্য্যায়ৰ বহুতো কাছ মৃত্যু মুখত পৰিছে। অভয়াৰণ্যখনৰ বহু কাছ মথাউৰি সমূহত বিচৰণ কৰা দেখা গৈছে। মাথাউৰিত বিচৰণ কৰা এই সমূহ কাছ বন বিভাগে উদ্ধাৰ কৰি অভয়াৰণ্যখনৰ ওখ ভেটি সমূহত এৰি দিছে।