কুন্দন ভৰালী

নগাঁও

১৯ জুলাই

ঘৰৰ পদূলিতে ফলা বাঁহেৰে মৰিয়াই হত্যা এজনক। উমাচৰণ হাজৰিকা নামৰ লোক জনক তিনি দুৰ্বৃত্তই মৰিয়াই হত্যা কৰি পেলাই থৈ গল ঘৰৰ পদূলিত। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে আটক কৰিছে এজন অভিযুক্ত। পলায়ন কৰিলে দুই অভিযুক্ত।

নগাঁও জিলাৰ অন্তৰ্গত বৰপাথৰিৰ দক্ষিণ সূতাৰগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্য ঘটনা। শনিবাৰে নিশা তিনি দুৰ্বৃত্তই উমাচৰণ হাজৰিকা নামৰ এজন লোকক তেওঁৰ ঘৰৰ পদূলিতে ফলা বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰে। জানিব পৰা মতে নিশাৰ ভাগত উমাচৰণ হাজৰিকা আৰু তিনি দুৰ্বৃত্তৰ মাজত কাজিয়া সূত্ৰপাত হৈছিল। পৰৱৰ্তী সময়ত স্থানীয় কিছুমান লোকে উমাচৰণ হাজৰিকাৰ মৃতদেহ তেওঁৰ ঘৰৰ পদূলিত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত ননৈ আৰক্ষীৰ দল এটা উপস্থিত হৈ তদন্ত আৰম্ভ কৰি উৎপল হাজৰিকা নামৰ এজন অভিযুক্তক আটক কৰিছে।

উল্লেখ্য যে, এই হত্যাকাণ্ডৰ লগতে জড়িত থকাৰ দুই অভিযুক্ত ক্ৰমে অসীম আৰু বিশাল বৰ্তমানেও পলাতক অৱস্থাত আছে। আৰক্ষীয়ে উমাচৰণ হাজৰিকাৰ মৃতদেহ মৰণোত্ত পৰীক্ষাৰ বাবে চিকিৎসাললৈ প্ৰেৰণ কৰিছে। বাঁহেৰে মৰিয়াই মৰিয়াই এজন লোকক নৃশংস ভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ সূতাৰগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।