গুৱাহাটী, সংবাদ ৩৬৫, ৭ মাৰ্চ: ভি অসমৰ উদ্যোগত শনিবাৰৰ পৰা মহানগৰী গুৱাহাটীত লুইতৰ বালিত অনুষ্ঠিত হৈছে ফাগুন মহোৎসৱ। উৎসৱৰ প্ৰথমদিনা গীত-মাত-নৃত্যৰে মুখৰ হৈ উঠা লুইতৰ বাকৰি লোকে-লোকাৰণ্য হৈ পৰে।

মহানগৰীৰ মহাবহু ব্ৰহ্মপুত্ৰৰ মাছখোৱাৰ ঘাটত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ফাগুন মহোৎসৱৰ শনিবাৰে উদ্ধোধন কৰে যুৱ লেখক শ্বহিদুল ইছলামে। উদ্ধোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত যুৱ লেখকগৰাকীয়ে কয় ‘নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালীয়ে ভাষা-সাহিত্য-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত এনেদৰে আগুৱাই অহাতো শুভ লক্ষণ। লুইতৰ বালিৰ এই অনুষ্ঠানে হওঁক বহুজনৰ আশাৰ প্ৰতীক।’ অনুষ্ঠানত ৰাজ্যিক বাল ভৱনৰ ছাত্ৰ-ছাত্ৰীসকলে ফাগুনৰ গীত পৰিবেশন কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ এটা দলে গীটাৰত ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰৰ গীত পৰিবেশন কৰে। নীতিষণা কুমাৰে পৰিবেশন কৰা সত্ৰীয়া নৃত্যৰে শুভাৰম্ভ হোৱা শনিবাৰৰ অনুষ্ঠানত খিতাশ্ৰী দাসে খোল বাদন আৰু সৌমিতা মজুমদাৰে নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। সন্ধিয়াৰ পৰা অনুষ্ঠিত সংগীতানুষ্ঠানত শিবম দাস, প্ৰবালিকা নাথকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীয়ে গীত পৰিবেশন কৰে।সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙণি যোগাই অহা ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ভি অসমে শনিবাৰৰ উদ্ধোধনী অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে। নিশা ৯ বজাত ফাগুন উৎসৱৰ প্ৰথম দিনৰ উদ্ধোধনী কাৰ্যসূচী সফলভাবে সামৰণি পৰে।উদ্ধোধনী অনুষ্ঠানত যথেষ্ট লোকৰ সমাগম দেখিবলৈ পোৱা যায়।

উল্লেখযোগ্য, দেওবাৰে ফাগুন মহোৎসৱৰ দ্বিতীয় দিনৰ অনুষ্ঠান পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব বুলি আয়োজকে জানিবলৈ দিয়ে। নিশা ৯ বজালৈ অনুষ্ঠিত হ’বলগা অনুষ্ঠানত বিভিন্ন আকৰ্ষণীয় কাৰ্যসূচী থাকিব বুলিও আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।