গুৱাহাটী, সংবাদ ৩৬৫, ৭ মাৰ্চ :২৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত ৩খন আসনৰ ভিতৰত শাসকীয় বিজেপি আৰু মিত্ৰ দলে ২খন আসনত বিজয় হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে যদিও এতিয়ালৈ ৰাজ্যসভাত তৃতীয়খন আসনৰ বাবে ইতিমধ্যে কোনো প্ৰাৰ্থীৰ নাম বিৰোধী পক্ষৰ ফালৰ পৰা ঘোষণা কৰা হোৱা নাই।

তৃতীয়খন আসনৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনাৰ মাজতে চৰ্চালৈ আহিছে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাৰ নাম। ইতিমধ্যে ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ লোৱা মনোনয়ন সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰি সাংবাদিক গৰাকীয়ে কয় যে ৰাজ্যসভাৰ নিৰ্বাচনৰ জাননী বুলিহে তেওঁৰ এগৰাকী প্ৰতিনিধিক বিধানসভাৰ প্ৰধান সচিবৰ কাৰ্যলয়ৰ পৰা কিছু নথি-পত্ৰ সংগ্ৰহ কৰিবলৈ পঠিয়াইছিল ইয়াৰ পিছতে প্ৰতিনিধি গৰাকীয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল যদিও বৰ্তমান সময়লৈ মনোনয়ন পত্ৰখন জ্যেষ্ঠ সাংবাদিক গৰাকীৰ হাতলৈ অহা নাই। ইফালে কংগ্ৰেছৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বৰ্তমান সময়লৈ নিৰ্বাচনৰ উমৈহতীয়া প্ৰাৰ্থী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হৈছে যদিও কোনো ধৰণৰ প্ৰাৰ্থীৰ নাম এতিয়ালৈ আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হোৱা নাই। প্ৰাৰ্থী সন্দৰ্ভত জাহ্নু বৰুৱাৰ নাম উত্থাপিত হৈছিল যদিও সেইয়া সঁচা নহয় বুলি সদৰী কৰে সূত্ৰটোৱে।

উল্লেখ্য যে, “কা” বিৰোধৰ নামত সৃষ্টি হোৱা আন্দোলনৰ পিছত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ বিধায়ক একলগ হলেহে ৰাজ্যসভাৰ তৃতীয় আসনত বিৰোধীয়ে নিজৰ প্ৰাৰ্থীক জয়ী কৰিব পাৰিব।বৰ্তমান সময়লৈ বিৰোধী দল দুটাই কোনো প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰা নাই।