মানকাচৰ, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগত অৱস্থিত ফেকামাৰী সময় সমিতিৰ সহ সম্পাদক, পৰিচালনা সমিতি আৰু সমিতিৰ এজেন্ট সকল কৌশলেৰে গ্ৰাহকৰ চাউল বিতৰণ নকৰি এটা মাহৰ মুঠ প্ৰায় দুই হেজাৰ কুইণ্টল চাউল কলা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠেছে। বৃহস্পতিবাৰে এই অভিযোগ জিলা উপায়ুক্তক লিখিত ভাবে গ্ৰাহক সকলে দাখিল কৰি আইনগত ব্যৱস্থা লোৱাৰ দাবী জনায়। যোৱা ২০১৭ বৰ্ষৰ ডিচেম্বৰ মাহত চৰকাৰী ভাবে এএৱাই আঁচনিৰ পৰা ২৭০.৫৫ কুইণ্টল চাউল আৰু পিআৰৱাই আঁচনিৰ ১৯০৯.৮৫ কুইণ্টল সহ মুঠ ২১৮০.৪ কুইণ্টল চাউল গ্ৰাহক সকলক বিতৰণ নকৰি চাউলখিনি ধুবুৰী চহৰত কলা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে। উক্ত মাহৰ চাউল বিচাৰি গ্ৰাহক সকল এজেন্ট অথবা সমবায় সমিতিত গলে গ্ৰাহকৰ লগত দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। অৱশেষত গ্ৰহক সকলে জিলা উপায়ুক্তৰ কাষ চাপি লিখিত অভিযোগ দি আইনগত ব্যৱস্থা লবলৈ দাবী জনায়। মন কৰিবলগীয়া যে জিলাত প্ৰায় প্ৰতিটো সমবায় সমিতি গ্ৰাহক সকলক সময়ৰ সামগ্ৰী সময়ত প্ৰদান নকৰি সামগ্ৰীখিনি সমবায় সমিতিৰ সম্পাদক, অধ্যক্ষ আৰু এজেন্ট সকলে কলা বজাৰত বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। এই কেলেংকাৰীৰ লগত জিলা প্ৰশাসন তথা সমবায় সমিতি বিভাগটো সম্পূৰ্ণৰূপে জড়িত হৈ থকাৰ ফলত সমবায় সমিতিৰ কৰ্মকর্তা সকল এই কেলেংকাৰী সহজে কৰিবলৈ সাহস পায় বুলি সচেতন মহল তথা দল সংগঠনে মন্তব্য প্ৰকাশ কৰিছে।