কলগাছিয়া, ৯ অক্টোবৰঃ মহানগৰীৰৰ জালুকবাৰী সমীপবৰ্তী ধাৰাপুৰত নিশা সংঘটিত এক পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ শিশুসহ তিনিজন লোক নিহত হোৱা ঘটনাই অঞ্চলজুৰি শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে। নিহত তিনিজন ক্ৰমে শংকৰ মেধি (৩৫), শংকৰ পত্নী কাবেৰী মেধি (২৬)আৰু জীয়ৰী তৰালি মেধি (৩)৷ প্ৰাপ্ত তথ্য মতে,  গোৱালপাৰাৰ মৰনৈৰ নিবাসী তথা বৰ্তমান উবেৰৰ গাড়ী চালক হিচাপে কৰ্মৰত শংকৰ মেধিৰ কৰুণ মৃত্যুৱে এটা দৰিদ্ৰ পৰিয়াললৈ কালনিশা নমাই আনিলে। শংকৰক জন্মৰ ৫ দিন পাছতে মৰনৈৰ এটা পৰিয়ালে ডাঙৰ দীঘল কৰে৷ সৰুৰে পৰাই সংগীত চৰ্চাৰ লগত জড়িত শংকৰে বৰগীত,ভাগৱত পাঠৰ লগতে জুবিনৰ গীত গাই শংকৰে সকলোৰে সমাদৰ লাভ কৰিছিল৷ মৰনৈত জুনিয়ৰ জুবিন হিচাপে পৰিচিত আছিল শংকৰে বিভিন্ন মঞ্চতো গীত পৰিবেশন কৰি সুনাম অৰ্জন কৰিছিল৷ সংগীতৰ বাবেই শংকৰে নিজৰ কন্যাৰ নাম ৰাখিছিল তৰালি। সংগীতৰে পৰিয়াল চলাব নোৱাৰাত বিগত ৪ বছৰ ধৰি গুৱাহাটীত উবেৰৰ গাড়ীচালক হিচাপে কাম কৰি শংকৰে পৰিয়াল পোহপাল দিছিল৷ শংকৰৰ মৃত্যুৰ পিছত পৰিয়ালত অবিবাহিত তিনিগৰাকী মাহীৰ বাদে এতিয়া আন কোনো নাই ৷ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী শংকৰৰ মৃত্যুত পৰিয়ালটোৰ কি হ’ব সেয়া এক চিন্তনীয় বিষয়৷