সোণতলী, ৯ অক্টোবৰঃ দক্ষিণ কামৰূপৰ বকো বিধানসভাৰ অন্তৰ্গত ছমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ ৰাংগাপানী মজলীয়া বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল এটা পুখুৰীৰ পৰা উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত পৰা মতে, ৰাংগাপানী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল হামিদে নিজৰ কলংক ঢাকিবলৈ মধ্যাহ্ন ভোজনৰ চাউল পুখুৰীত পেলাই দিয়াৰ স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে৷ আজি অঞ্চলটোৰ একাংশ লোকে বিদ্যালয়ৰ কাষতে থকা পুখুৰী এটাত চাউল ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে৷ স্থানীয় লোকে পুখুৰীটোৰ পৰা বহু পৰিমাণৰ চাউল উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ স্থানীয় লোকে ৰাংগাপানী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকে দুৰ্নীতি ঢাকিবলৈ গোপনে পুখুৰীত চাউলখিনি পেলাই দিয়াৰ সন্দেহ কৰিছে৷ উদ্ধাৰ হোৱা চাউল খিনি মধ্যাহ্ন ভোজনৰ চাউল হয় নে নহয় সেইয়া নিশ্চিত হোৱা নাই যদিও শিক্ষা বিভাগৰ তদন্তত সকলো তথ্য পোহৰলৈ আহিব বুলি স্থানীয় লোকে দাবী উত্থাপন কৰিছে।