ৰঙিয়া, ১০ অক্টোবৰঃ ৰঙিয়াৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে এজন লোক গুৰুতৰ ভাবে আহত হয়৷ প্ৰাপ্ত তথ্য মতে, ভাৰত ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ঘোগা দলঙত দুৰ্ঘটনাটো সংঘটিত হয়৷ ৰঙিয়া অভিমুখী দ্ৰুতবেগী এখন বাছে পালছাৰ বাইকত খুন্দা মৰাত বাইকখনৰ তিনি আৰোহীৰ এহাল যুৱক যুৱতী থিতাতে নিহত হয়৷ আনহাতে আনগৰাকী যুৱতী দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়৷ যুৱতীগৰাকীক ততাতৈয়াকৈ ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ জানিব পৰা মতে, মৃত বাইক আৰোহী দুগৰাকী ক্ৰমে দ্বাৰকুছিৰ ৰাজা বড়ো আৰু তামুলপুৰ নেপালীবস্তিৰ প্ৰিয়া ছেত্ৰী আৰু আহত যুৱতীগৰাকী তামুলপুৰৰ মৈদাংশ্ৰী বড়ো৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে বাছখনে পলায়ন কৰে৷ যুৱক যুৱতী হালৰ কৰুণ মৃত্যুত সমগ্র অঞ্চলতে শোকৰ ছাঁ পেলাইছে৷