ৰঙিয়া, সংবাদ ৩৬৫, ৫ ফেব্ৰুৱাৰীঃ  উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ ধৰ্মীয় আৰু সংস্কৃতিক সংগঠন শঙ্কৰদেৱ সংঘৰ দুই বঁটা ঘোষণা কৰা হল। দেৰগাঁৱত বুধবাৰৰ পৰা অনুষ্ঠিত হব লগীয়া বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি আনুষ্ঠানিকভাৱে শশী চন্দ্ৰ বৰবৰুৱা স্মাৰক বঁটা আৰু কমল হাজৰিকা স্মাৰক বঁটা প্ৰাপকৰ নাম ঘোষণা কৰে সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই। শশী চন্দ্ৰ বৰবৰুৱা স্মাৰক বঁটাৰ বাবে শংকৰী সংস্কৃতিৰ সাধক তথা নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীক বাচনি কৰা হয়। এই বঁটাৰ লগত থাকিব নগদ ১ লাখ টকা, প্ৰশস্তি পত্ৰ আৰু কিতাপৰ টোপোলা। বঁটা প্ৰাপক নাৰায়ণ চন্দ্ৰ গোস্বামীয়ে বৰ্তমানলৈকে দুই কুৰিৰো আধিক গ্ৰন্থ ৰচনা কৰিছে। ইয়াৰ উপৰি তেওঁ সত্ৰ মহা সভাৰ সভাপতি হিচাপে দায়িত্ব বহন কৰিছিল। আনহাতে এই অধিবেশনৰ পৰা প্ৰথমবাৰৰ বাবে কমল হাজৰিকা স্মাৰক ভাগৱত বক্তা বঁটা প্ৰদান কৰা হব। প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰাপক হিচাপে নলবাৰীৰ পদ্ম ৰাজবংশীৰ নাম ঘোষণা কৰা হৈছে। এই বঁটাৰ সৈতে নগদ ধন, প্ৰশস্তি পত্ৰ আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে পদাধিকাৰ ডেকাই।