গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ৫ এপ্ৰিলঃ যোৰহাটস্থিত মহিলা বিশ্ববিদ্যালয়খনৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা কৰ্তনত কৰিবলৈ লোৱা চৰকাৰৰ পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ দেখিবলৈ পোৱাৰ পিছত এইবাৰ শিক্ষা অনুষ্ঠান বন্ধ কৰাৰ দাবীত ৰাজপথত নামিল গোৱালপাৰাবাসী। গোৱালপাৰাৰ ছায়েন্স একাডেমীৰ কৰ্মকাণ্ডত লজ্জিত হৈ গোৱালপাৰাবাসীয়ে ছায়েন্স একাডেমী বন্ধৰ দাবীত বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ গোৱালপাৰাৰ ছায়েন্স একাডেমীত উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত শিক্ষক হুমায়ুন কবিৰে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ প্ৰতিবাদত আছু, আমছু, ছাত্ৰমুক্তি সংগ্ৰাম সমিতি, এনএছইউআই, যুৱ কংগ্ৰেছকে ধৰি গোৱালপাৰাৰ ৰাইজ ছায়েন্স একাডেমী বন্ধ কৰাৰ দাবী জনায়। হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ গোৱালপাৰাবাসী ছায়েন্স একাডেমী বন্ধ কৰ’ক, ছায়েন্স একাডেমীৰ স্বত্তাধিকাৰ ফজৰুল কৰিম মণ্ডলক গ্ৰেপ্তাৰ কৰ’ক, ধৰ্ষনকাৰী হুমায়ুন কবিৰক ফাঁচি দিয়ক, ৰাজ্যত হৈ থকা নাৰী নিৰ্যাতন বন্ধ কৰ’ক শ্লোগান দি গোৱালপাৰা চহৰৰ আকাশ বতাহ কপাই তোলে৷ গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা এক বিশাল প্ৰতিবাদী সমদল ওলিয়াই প্ৰতিবাদীসকলে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত উপস্থিত হৈ পৰিবেশ উত্তাল কৰি তোলাৰ লগতে কলংকিত ছায়েন্স একাডেমী অতি শীঘ্ৰে বন্ধ নকৰিলে গোৱালপাৰাবাসী ৰাইজ তথা দল সংগঠনে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।