গুৱাহাটী, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰী: নাগৰিকত্ব সংশোধনী আইন বিৰোধী অসমৰ শিল্পী সমাজে মুকলি কৰিলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী ৱেবছাইট। সামাজিক মাধ্যম ফেচবুক আৰু টুইটাৰৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন বিৰোধী ৱেবছাইট সম্বন্ধে তথ্য লাভ কৰিব পাৰিব ৰাইজে।

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো অব্যহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। বিতৰ্কিত আইনখনৰ বিৰোধিতা কৰি ৰাজ্যৰ শিল্পী সমাজেও উজনিৰ পৰা নামনিলৈকে বিভিন্ন সময়ত ৰাজপথত সাব্যস্ত কৰি আহিছে প্ৰতিবাদ। শিল্পী সমাজে এইবাৰ ৰাজপথৰ প্ৰতিবাদ ডিজিটেলাইজ কৰিবলৈ আগুৱাই আহিছে। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত নাগৰিকত্ব সংশোধনী আইন বিৰোধী শিল্পী সমাজৰ নেতৃত্বত গ্ৰহণ কৰা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মুকলি কৰে assamagainstcaa.in নামৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী ৱেবছাইট। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ তথ্য সমূহ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই ৱেবছাইট মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়ে শিল্পী জুবিন গাৰ্গে। শিল্পী সমাজৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী ৱেবছাইট মুকলি অনুষ্ঠানত জুবিন গাৰ্গৰ লগতে অংশগ্ৰহণ কৰে শিল্পী গৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, শিল্পী মানস ৰবীন, অভিনেতা ৰবি শৰ্মা আৰু অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া। শিল্পী সমাজে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সমান্তৰালে সংগীত আৰু ক্ৰীড়া অব্যহত ৰাখিব বুলিও জানিবলৈ দিয়ে। ২০২১ৰ বিধানসভা নিৰ্বাচনত কাক ভোট প্ৰদান কৰা হ’ব বৰ্তমান ইয়াৰ সিদ্ধান্ত স্থগিত ৰখা হৈছে বুলি মন্তব্য প্ৰকাশ কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।

শিল্পী সমাজে মুকলি কৰা নাগৰিকত্ব সংশোধনী আইন বিৰোধী ৱেবছাইট বিজেপিৰ আই টি ছেলক কঠোৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে অভিনেতা ৰবি শৰ্মাই।