ছয়গাঁও, সংবাদ ৩৬৫, ৫ ফেব্ৰুৱাৰী : কামৰূপ জিলা ছয়গাঁও থানাৰ অন্তৰ্গত পানীখাইতিত মঙলবাৰে নিশা চাৰিটাকৈ হস্তনিৰ্মিত বোমা উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰে। স্থানীয় ৰাইজে হস্তনিৰ্মিত বোমাকেইটা নিশাৰ ভাগত উদ্ধাৰ কৰে।

জানিব পৰা মতে মঙলবাৰে নিশা অঞ্চলটোত দুৰ্বৃত্তৰ দল এটাই স্থানীয় পৰিয়াল এটাৰ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়ন কৰাৰ সময়ত ঘটনাস্থলীত এখন পালছাৰ বাইক এৰি যায়। পিছত স্থানীয় ৰাইজে দুৰ্বৃত্তৰ দলটোৱে এৰি যোৱা বাইকখনৰ পৰা উদ্ধাৰ কৰে চাৰিতকৈ হস্তনিৰ্মিত বোমা। ৰাইজে বোমা কেইটা উদ্ধাৰ কৰি ছয়গাওঁ আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ বোমা কেইটা জব্দ কৰি কুকুৰমাৰাৰ বাঢ়ন্তী ৰিজাৰ্ভলৈ লৈ যায়। বুধবাৰে পুৱাৰ ভাগত বাঢ়ন্তী ৰিজাৰ্ভত বোমা বিশেষজ্ঞৰ দল এটা উপস্থিত হৈ বোমা কেইটা নিষ্ক্ৰিয় কৰে।

দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত বুদ্ধেশ্বৰ চৌধুৰী আৰু ৰেখা চৌধুৰী নামৰ দুগৰাকী ব্যক্তি সামান্য পৰিমাণে আহত হৈছে বুলিও জানিব পৰা গৈছে।