আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৯ নৱেম্বৰ

শিৱসাগৰত সামান্য পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি৷ অসামৰিক পোছাকত থকা আৰক্ষীৰ সৈতে আছু কৰ্মীৰ হতাহতি৷ ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি৷ দুই আছু কৰ্মীক কৰায়ত্ব৷

দেওবাৰে শিৱসাগৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। সামান্য এক দুৰ্ঘটনা আৰু তাৰ পৰৱৰ্তী সময়ত সৃষ্টি হোৱা হতাহতিক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তেজনাৰ। আছু কৰ্মী উঠি অহা এখন বাহনৰ সৈতে এজন অসামৰিক পোছাকত গাড়ী চলাই অহা আৰক্ষী বিষয়াৰ গাড়ীৰ সৈতে সংঘৰ্ষৰ পিছতেই দুই পক্ষ্যৰ মাজত সংঘটিত হয় হতাহতিৰ। আৰক্ষী বিষয়া গৰাকীয়ে মোবাইল ফোন কাণত লৈ গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় আৰু আৰক্ষী বিষয়া গৰাকীয়ে নিজকে আৰক্ষী বুলি চিনাকী দি ভাবুকী আছু কৰ্মীক প্ৰদান কৰাৰ পিছতেই সংঘটিত হয় দুই পক্ষৰ মাজত হতাহতি। ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত ঘটনাৰ খবৰ পাই আৰক্ষীৰ এটা দলে ঘটনাস্থলীৰ পৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ শইকীয়া আৰু ইংতিৰাজ নামৰ দুজন আছু কৰ্মীক আটক কৰা বুলি জানিব পৰা গৈছে। আছু কৰ্মী সকলে অভিযোগ কৰা অনুসৰি অসামৰিক পোছাকত অহা আৰক্ষী বিষয়া বাহাৰুল ইছলামে আছু কৰ্মী কেইজনক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে ভাবুকি প্ৰদান কৰিছিল। শিৱসাগৰ আৰক্ষীয়ে আৰক্ষী বিষয়া বাহাৰুল ইছলামে চলাই অহা এএচ-০৪-এচ-১৯২৯ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীখন জব্দ কৰাৰ লগতে আছু কৰ্মী সকল উঠি অহা এএচ-০৪-কিউ-৫৪৫৮ নম্বৰৰ ইনভা গাড়ীখনো জব্দ কৰি থানালৈ আনে।

আনহাতে দুই আছু কৰ্মীক আটক কৰাৰ বাতৰি বিয়পি পৰাৰ পিছতেই শিৱসাগৰ সদৰ থানা পদূলীত শ শ আছুকৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ শিৱসাগৰ চহৰতেই উত্তেজনাৰ সৃষ্টি হয়।