নৱজ্যোতি বৰুৱা

চামগুৰি

৯ নৱেম্বৰ

নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কঠালগুৰিৰ নীলা পানী হ্ৰদ থকা অঞ্চলটোত স্থানীয় প্ৰশাসনে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৪৪ ধাৰা বলবৎ কৰিছে। কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে সোমবাৰে জাৰি কৰা এক আদেশ মৰ্মে কঠালগুৰিত থকা মনোৰম নীলা পানী হ্ৰদটোত কোনো লোকেই নামিব নোৱাৰিব, সাতুৰিব নোৱাৰিব, জপিয়াব নোৱাৰিব।

প্ৰশাসনে সমগ্ৰ অঞ্চলটোত কোনো ব্যক্তিয়ে নিচাযুক্ত সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব বুলি আদেশটোত উল্লেখ কৰিছে। কোনো লোকে যদি প্ৰসাদনৰ এই আদেশ অমান্য কৰে তেন্তে আইন অনুসৰি সেইসকলক অপৰাধী বুলি গণ্য কৰা হ’ব। উল্লেখযোগ্য যে উক্ত নীলা পানী হ্ৰদটোত বিগত সময়ছোৱাত কেইবাগৰাকীও ব্যক্তিয়ে সাতুৰিবলৈ গৈ মৃত্যুবৰণ কৰিব লগা হৈছিল। উল্লেখ্য যে নগাঁও জিলাৰ চামগুৰিৰ নীলাপানীৰ হ্ৰদত কিছুদিন পূৰ্বে প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ আহি সন্ধানহীন হৈছিল গুৱাহাটীৰ বামুনীমৈদামৰ বিকি কলিতা নামৰ এজন যুৱক। নীলাপানী হ্ৰদত গা ধুবলৈ নামি নিখোজ হোৱা বিকি কিলিতৰ মৃতদেহ এছ ডি আৰ এফ বাহিনীয়ে চাৰিদিন পিছতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

যোৱা শুকুৰবাৰেও চামগুৰিৰ অভিশপ্ত নীলাপানী হ্ৰদত বিয়লি সন্ধানহীন হৈছল এজন লোক। হ্ৰদৰ পানীত সাতুঁৰিবলৈ নামি ইটাচালিৰ আয়নাভ হাজৰিকা নামৰ লোকজন সন্ধানহীন হৈছল। গুৱাহাটীৰ পৰা অহা এজন বন্ধুৰ সৈতে হ্ৰদটোত ফটো উঠিবলৈ বিয়লি আহিছিল আয়নাভ হাজৰিকা। স্থানীয় একাংশ লোকে আয়নাভ হাজৰিকা হ্ৰদত নামিবলৈ বাধা দিছিল যদিও আয়নাভ হাজৰিকা হ্ৰদত নামি সন্ধানহীন হৈ পৰিছিল। শনিবাৰে পুৱাৰ ভাগত হ্ৰদৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছল আয়নাভ হাজৰিকাৰ মৃতদেহ।