গুৱাহাটী

১ ডিচেম্বৰ

ৱল্ড কণষ্টিউচন পাৰ্লিয়ামেণ্ট এছোচিয়েচনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেভেন্ঠ এভিনিউ, ৰেডফোৰ্টস্থিত মুখ্য কাৰ্যালয়ৰ নিৰ্দেশক্ৰমে উক্ত সন্থাৰ ভাৰতীয় চেপ্টাৰে আজি মহাৰাষ্ট্ৰত অনুষ্ঠিত এক অনুষ্ঠানত আন্তৰাষ্ট্ৰীয় উপাধক্ষ এম পি নৰসিংহ মূৰ্টী আৰু ৰাষ্ট্ৰীয় সচিব ডঃ দত্তা বিধাৱেৰ উপস্থিতিত গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক ডাব্লিউ চি পি এ’ৰ সদস্য পদলৈ মনোনীত কৰাৰ লগতে দুটা দশকজুৰি ৰাষ্ট্ৰীয় পৰ্যায়ত মানৱতা আৰু শান্তিৰ হকে আগবঢ়াই অহা উৎকৃষ্ট সমাজ সেৱাৰ বাবে ৱৰ্ল্ড কনষ্টিটিউচন ইন্টাৰনেচনেল এৱাৰ্ড প্ৰদান কৰে।

আনহাতে ২৯ নৱেম্বৰত মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক স্থিত মূখ্য কাৰ্যালয়ৰ সৌজন্য তথা আহ্বানমৰ্মে উক্ত আয়োগৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত অসমৰ মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰাৰ লগতে বিশ্ব মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় সদস্য পদ আগবঢ়ায়। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ে ইতিমধ্যে ডঃ দিব্যজ্যোতি শইকীয়াক মানৱতা সন্দৰ্ভত আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে।

দুটা দশকজুৰি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অন্ধবিশ্বাস, ডাইনী কাণ্ড আৰু সামগ্ৰীক অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে তথা শান্তি, মানৱতা আৰু মানৱ অধিকাৰ হকে চলোৱা সংগ্ৰামৰ বাবে ডঃ দিব্যজ্যোতি শইকীয়ালৈ এই আন্তঃৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হয়। ২৯ নৱেম্বৰত দিল্লীৰ ইণ্ডিয়া ইন্টাৰনেচনেল চেণ্টাৰত অনুষ্ঠিত উক্ত অনুষ্ঠানত ভাৰতবর্ষৰ উপৰি ভাৰত শ্ৰীলংকাৰ উচ্চ আয়ুক্ত এইচ ই অস্তিন ফেৰান্দু, মিচিছিপি পেনামা এম্বেচিৰ ডেপুটি চীফ ৰিচাৰ্ড ভেৰেনা,দক্ষিণ আফ্ৰিকাৰ উচ্চ আয়ুক্ত মাথপেল’কে আদিকৰি আন্তৰ্জাতিক শীৰ্ষ পৰ্যায়ৰ বহু কেইজন নেতা আৰু বিষয়া উপস্থিত থাকে।

উল্লেখযোগ্য যে ইতিমধ্যে ডঃ দিব্যজ্যোতি শইকীয়াক লণ্ডনস্থিত গ্লোবেল পিচ কাউন্সিলৰ পৰা আন্তঃৰাষ্ট্ৰীয় “বিশ্ব শান্তি গ্লোবেল বঁটা ২০২০,” আৰু উক্ত অনুষ্ঠানে আগবঢ়াইছে চলিত বৰ্ষৰ গান্ধী জয়ন্তীৰ পৰা এবছৰৰ বাবে গ্লোবেল পিচ এম্বেচাদৰৰ সন্মান। ইয়াৰ উপৰি ডঃ দিব্যজ্যোতি শইকীয়াই বহু কেইটা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ লগতে ষাঠি তাতকৈ অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।