মাজুলী, ৩০ মেঃ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত মাজুলীৰ ব্যক্তিগত শিক্ষানুষ্ঠান আইলেণ্ড একাডেমিৰ ছাত্ৰী জবা শইকীয়াই অসমৰ ভিতৰতে সপ্তম স্থান দখল কৰি সমগ্ৰ নদী-দ্বীপটোলে গৌৰৱ কঢ়িয়াই আনিছে। মাজুলীৰ ঐতিহাসিক নতুন চামগুৰি সত্ৰৰ মানিক শইকীয়া আৰু বুলুমনি শইকীয়াৰ জ্যেষ্ঠ কন্যা জবা শইকীয়াই কলা শাখাত ৪৭১ নম্বৰে অসমৰ ভিতৰতে সপ্তম স্থান দখল কৰিছে। জবাই অসমীয়া, ইংৰাজী, বুৰঞ্জী, অৰ্থবিজ্ঞান, শিক্ষাতত্ব আৰু ৰাজনীতি বিজ্ঞানত লেটাৰ মাৰ্কসহ উৰ্ত্তীণ হৈ অঞ্চলটোৰ লগতে আইলেণ্ড একাডেমি খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।জবাৰ সাফল্যত অভিনন্দন জনাবলৈ  মাজুলীৰ বিভিন্ন অঞ্চলৰ পৰা লোকে আহি জবাক শুভেচ্ছা জনাইছে৷  জবাৰ লগতে মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিলে মাজুলীৰ গুৱাল গাঁৱৰ নিকি বৰুৱাই৷ ছল্টব্ৰুক একাডেমিৰ পৰা নিকিয়ে বিজ্ঞান শাখাত ৪৭২ নম্বৰেৰে দশম স্থান দখল কৰে। গুৱাল গাৱৰ বিপুল বৰুৱা আৰু চিত্ৰা মেধি বৰুৱাৰ কন্যা নিকি বৰুৱা৷ আনহাতে, গায়ত্ৰী দেৱীয়ে ৪৬৯ নম্বৰেৰে তিতাবৰ কনচেপ্ত জুনিয়ৰ কলেজৰ পৰা অসমৰ ভিতৰত নৱম স্থান দখল কৰি কলেজখনৰ লগতে মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে। মাজুলীৰ আউনিআটী সত্ৰৰ প্ৰভাত চন্দ্ৰ শৰ্মা আৰু প্ৰয়াত ৰুণু দেৱীৰ কন্যা গায়ত্ৰী দেৱী। তিনিও গৰাকী ছাত্ৰীকে মাজুলীৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই অভিনন্দন জনাইছে।