মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

১৩ নৱেম্বৰ

শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত হোৱা সম্ভাবনা দেখা দিয়াৰ পিছতে বিটিচি নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহৰ তৎপৰতা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ সমানে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কর্মীৰ মাজত দেখা গৈ দল বাগৰাৰ প্ৰৱণতা। শুকুৰবাৰে পুনৰ বিটিচিত দেখা গ’ল ৰাজনৈতিক নেতা-কৰ্মীৰ মাজত দল বাগৰাৰ প্ৰৱণতা। অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ অৰ্ধশতাধিক নেতা-কর্মীয়ে যোগদান কৰিলে বিপিএফ দলত।

কোকৰাঝাৰ জিলাৰ বিটিচিৰ ৩ নং সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় অৰ্ধশতাধিক নেতা-কর্মীয়ে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে। বিপিএফ দলত যোগদান কৰা নেতা-কর্মী সকলৰ অধিকাংশই আছিল অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ সক্ৰিয় নেতা-কর্মী। বিপিএফ দলত কোগদান কৰা অবড়ো সুৰক্ষা সমিতিৰ গোসাঁইগাঁও জিলাৰ সম্পাদক নিকোলাছ বাস্কে ইয়াৰে অন্যতম। বিপিএফালৈ অহা সকলৰ ভিতৰত কিছু সংখ্যাক আকৌ কংগ্ৰেছ দলৰ কৰ্মী। বিপিএফৰ শ্ৰীৰামপুৰ ব্লক কমিটিৰ কাৰ্যালয়ত ব্লক সভাপতি হাছান আলীৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সভাত নতুনকৈ বিপিএফ দলত যোগদান কৰা সকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই দলৰ সদস্য পদ প্ৰদান কৰা হয়।

উক্ত সভাত বিপিএফ দলৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, সম্পাদক তথা গোসাঁইগাঁও চহৰৰ প্ৰাক্তন পৌৰপতি ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী আব্দুল খালেক মণ্ডল উপস্থিত থাকে আৰু দলৰ নীতি আদৰ্শৰ ওপৰত মূল্যৱান ভাষণ আগবঢ়ায়।নিৰ্বাচনৰ পূৰ্বে নতুনকৈ দলত যোগদান কৰা সকলে বিপিএফক অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে।