মুস্তাক আহমেদ

জুৰীয়া

১৩ নৱেম্বৰ

প্ৰতিদিন টাইমৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞা আৰু জুৰীয়াৰ প্ৰাক্তন ছাত্ৰনেতা তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী প্ৰসন্ন খাতনীয়াৰ অকাল বিয়োগত জুৰীয়াৰ সংবাদ ক্লাৱ আৰু একেখন নাৱৰে যাত্ৰী গ্ৰুপৰ যৌথ উদ্যোগত জুৰীয়া শাখা ছাত্ৰ সন্থা, সমন্বয় গোষ্ঠীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

জুৰীয়াৰ সংবাদ ক্লাৱৰ সকলো সাংবাদিকৰ লগতে জুৰীয়া ছাত্ৰ সন্থা আৰু নগাঁও মহকুমা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, জুৰীয়া সমন্বয় গোষ্ঠী, একেখন নাৱৰে যাত্ৰী গ্ৰুপ, জুৰীয়া মণ্ডল বিজেপি, তেলীয়া বেবেজীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰবীণ বৰা, জ্যেষ্ঠ নাগৰিক উৎপল বৰা, নাট্যকাৰ দিলীপ বৰদলৈৰ লগতে জুৰীয়াৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি পৰাগ ভূঞা আৰু প্ৰসন্ন খাতনীয়াৰ প্ৰতিছবিত পুষ্পঞ্জলি অৰ্পন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে উজনি অসমৰ কাকপথাৰৰ প্ৰতিদিন টাইমৰ সাহসী সাংবাদিক পৰাগ ভূঞাৰ মৃত্যু যিটো পৰিৱেশত হৈছে সেইটোৰ ওপৰত সন্দেহ প্ৰকাশ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে পৰাগ ভূঞাৰ মৃত্যুৰ চি বি আই তদন্তৰ দাবী জনায়।