বিলাসীপাৰা, সংবাদ ৩৬৫, ৩১ মাৰ্চ: শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি আৰু ৰাজহুৱা শিক্ষা খণ্ড ৰক্ষাৰ স্বাৰ্থত অন্যান্য আনুসংগিক দাবীত শনিবাৰে ৰাজপথলৈ ওলাই আহে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তিৰ লগতে ৰাজহুৱা শিক্ষা খণ্ড ৰক্ষাৰ দাবীত ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শনিবাৰে ঘেৰাও কৰে বিলাসীপাৰা খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়। চৰকাৰী বিদ্যালয় সমূহত শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি, শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাথঁনি নিৰ্মাণ, বিএড আৰু আইন শিক্ষাৰ মাচুল হ্ৰাস, সকলো ভেন্সাৰ শিক্ষানুষ্ঠানসমূহক বিনাচৰ্তে প্ৰাদেশীকীকৰণ, সকলো ধৰণৰ ছাত্ৰ বৃত্তিসমূহ নিয়মীয়াভাৱে সঠিক সময়ত বিতৰণ আৰু দুৰ্নীতি মুক্ত, অসম মহিলা বিশ্ববিদ্যালয়ক পূৰ্ণাংগ ৰূপ দিয়া, ক্ৰুটিপূৰ্ণ চেমিষ্টাৰ ক্ৰেডিট আৰু গ্ৰেড প্ৰথা বন্ধ কৰা, ৪৫ দিনৰ ভিতৰত বেকৰ পৰীক্ষা অনুষ্ঠিত কৰা, চৰাঞ্চল আৰু অন্যান্য দুৰ্গম অঞ্চল সমূহত শিক্ষকক থাকিবলৈ হোষ্টেল নিৰ্মাণ, যাতায়তৰ বাবে বিভাগীয় ভাবে সুবিধা, অস্থায়ী নদী দ্বীপ তথা চৰাঞ্চলত ভাসমান নৌকা বিদ্যালয় স্থাপন, শিক্ষাৰ অধিকাৰ আইন মতে প্ৰাপ্ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰে অতি কমেও ২৫ শতাংশ আসন দৰিদ্ৰ শিশুৰ বাবে কোনো ধৰণৰ মাচুল নোলোৱাকৈ নামভৰ্তি আৰু শিক্ষা সুনিশ্চয়তা কৰা, কৌমি মাদ্ৰাছা সমূহৰ ৬ পৰা ১৪ বছৰৰ শিশুক সাধাৰণ শিক্ষা সুনিশ্চয়তাকে ধৰি।কেইবাটাও আনুসংগিক দাবীলৈ শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে। শিক্ষা আমাৰ অধিকাৰ, আমাক শিক্ষা লাগিবই, শিক্ষাৰ বাণিজ্যিকৰণ বন্ধ কৰক, ৰাজহুৱা শিক্ষানুষ্ঠান জীয়াই ৰাখক, বিদ্যালয়হীন ঠাইত বিদ্যালয় স্থাপন কৰিব লাগিবই, চৰকাৰী বিদ্যালয় বিলুপ্তি বন্ধ কৰক, শ্ৰেণী অনুপাতে শিক্ষক দিয়ক, ছেবা-শিক্ষা সংসদ আৰু গুৱাহাটী বিশ্ববিদ্যালয় সংস্কাৰ কৰক, ভেঞ্চাৰ স্কুল কলেজ চৰকাৰীকৰণ কৰক, আমাক আখৰ চিনাৰ সুযোগ দিয়ক, আধাতে বিদ্যালয় এৰা শিশুৰ শিক্ষা সুনিশ্চিত কৰক, উন্নতমানৰ ইউনিফৰ্ম যোগান ধৰক, ভাড়াতীয়া শিক্ষক ৰোধ কৰক, মধ্যাহ্ন ভোজনৰ দায়িত্বৰ পৰা প্ৰধান শিক্ষকক অব্যাহতি দিয়ক, শিক্ষা বিভাগৰ দুৰ্নীতি বন্ধ কৰক, জধে-মধে শিক্ষকৰ বদলি বন্ধ ৰাখক শ্লোগান দিয়াৰ লগতে হাতে-হাতে পোষ্টৰ, বেনাৰ লৈ সংগঠনটোৰ সদস্য সকলৰ লগতে কেইবাশ ছাত্ৰ ছাত্ৰী বিলাসীপাৰা চহৰৰ মাজেৰে সমদল কৰি প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ডেৰ ঘণ্টা সময়ৰ বাবে ঘেৰাও কৰে। সংগঠনটোৱে প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, উচ্চ শিক্ষা সম্পৰ্কীয় বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰী, শীৰ্ষ শিক্ষা আমোলা, জিলা উপায়ুক্তকে ধৰি ধুবুৰী জিলাৰ সমূহ খণ্ড প্ৰাথমিক শিক্ষা বিষয়ালৈ প্ৰেৰণ কৰে। চিলাৰায় মহাবিদ্যালয়ৰ ছাত্ৰ তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলা সমিতিৰ যুটীয়া সম্পাদক চন্দন ৰয়ক মহাবিদ্যালয় কৰ্তপক্ষই বহিষ্কাৰ কৰা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীতো ধুবুৰী জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়।