গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মাৰ্চ: ৰাজ্যৰ ক্ৰমৱৰ্ধমান নাৰীজনিত অপৰাধ ৰোধৰ আহ্বানেৰে অসমৰ ৰাজ্যপাল ড° জগদীশ মুখীক শনিবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ এটা সঁজাতী দলে সাক্ষাৎ কৰে৷ ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ সঘনে সংঘটিত নাৰী নিৰ্যাতন ৰোধ কৰি যুৱতী-মহিলাসকলক নিৰাপত্তা দিয়াৰ দাবী জনায় দলটোৱে৷ এই সন্দৰ্ভত যুক্তি-তথ্যৰে দাবীসম্বলিত এখন স্মাৰকপত্ৰও প্ৰদান কৰে ৰাজ্যপাল মুখীৰ হাতত৷ সমাজৰ পৰা এই দুষ্কাৰ্য ৰোধৰ বাবে ৰাজ্যত এখন কঠোৰ আইন প্ৰণয়নৰো দাবী জনায় অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ দলটোৱে৷ লগতে কৈশোৰ অপৰাধীৰ বাবেও সুকীয়া আইনৰ প্ৰসংগ উৎথাপন কৰিছে৷ উল্লেখ্য যে ৰাজভৱনলৈ যোৱা দলটোৰ নেতৃত্ব দিয়ে সভানেত্ৰী শ্বেহনাজ হকে৷