বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ১৮জানুৱাৰী: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন অতি শীঘ্ৰে বাতিলৰ দাবীত শুকুৰবাৰে প্ৰায় তিনি শতাধিকৰো অধিক সমদলকাৰীয়ে হাতে হাতে জোৰ লৈ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ চাৰিওটা পথত বিভিন্ন শ্লোগান দি অঞ্চলটো উত্তাল কৰি তোলে। অসম গণ পৰিষদৰ কমলপুৰ সমষ্টি সমিতিৰ উদ্যোগত দলটো বাইহাটা চাৰিআলিৰ কাৰ্যালয়ৰ পৰা জোৰ লৈ সমদল কৰি বাইহাটা চাৰিআলি চ’কলৈ আহে । সমদলটোৱে ক্ৰমে মংগলদৈ পথ, গুৱাহাটী পথ আৰু ৰঙিয়া পথৰ লগতে গোৰেশ্বৰ পথটোও উত্তাল কৰি তোলে । প্ৰতিবাদৰ সময়ত সমদলকাৰী সকলে বিধেয়ক আৰু বাংলাদেশী বিৰোধী কেতবোৰ শ্লগান দিয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টী দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অধিক উত্তাল কৰি তোলে।