হাটশিঙিমাৰী : বাতৰি সংগ্ৰহ কৰা সাংবাদিকক অন কেমেৰা আক্ৰমণ কৰা ঘটনাক লৈ হাটশিঙিমাৰীত জিলা বিজেপিৰ সংবাদমেল। বেআইনীভাৱে নিশাৰ ভাগত আন্তঃৰাষ্ট্ৰীয় সীমান্তবৰ্তী এলেকাৰে গৰু নিয়াক লৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ তীব্ৰ প্ৰতিক্ৰিয়া। আৰক্ষীয়ে জব্দ কৰা গৰু নিশাৰ ভাগত নিয়াৰ সময়ত লগত কিয় নগ’ল আৰক্ষী বুলি প্ৰশ্ন জিলা বিজেপিৰ।

ঘটনাত আৰক্ষী প্ৰশাসন জড়িত আছে নেকি বুলিও জিলা বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰে।সাংবাদিক আক্ৰমণ কৰি কেমেৰা ভাঙি পেলোৱাৰ ঘটনাক দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিয়ে তীব্ৰ গৰিহণা দিয়ে।বিজেপিৰ জিলা কিষান মৰ্চাৰ সভাপতি অজয় পাল আৰু সম্পাদক আশ্রফুল ইছলাম গৰুৰ চোৰাং ব্যৱস্যাত জড়িত নেকি ? দুই বিজেপি নেতাক ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সমিতিৰ পৰা ৭ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে জিলা বিজেপিয়ে।

৭ দিনৰ ভিতৰত উত্তৰ দিব নোৱাৰিলে দুয়ো গৰাকী বিজেপি নেতাক দলৰ পৰা বহিস্কাৰ কৰা হ’ব বুলিও জানিবলৈ দিয়ে। বিজেপিৰ নেতা দুজনে সুখচৰৰ টেংনামাৰী ৰাষ্ট্রীয় গো ৰক্ষা বাহিনী গো সেৱা সংঘৰ সভাপতি আৰু সম্পাদকৰ দায়িত্বত আছে।বিজেপিৰ এই দুই নেতাৰ নেতৃত্বত সাংবাদিকক আক্ৰমণ কৰা ঘটনাক দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

অৱশ্যে এই ঘটনাৰ লগত জিলা বিজেপিৰ কোনো নেতা কৰ্মী জড়িত নহয় বুলি জিলা বিজেপিৰ সাধাৰণ সম্পাদক আৰু জিলা উপ সভাপতিয়ে দিনৰ প্ৰায় ২ বজাত হাটশিশিঙিমাৰীস্থ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে গোশালাৰ পৰা প্ৰায় অৰ্ধ শতাধিক গৰু হেৰাই যোৱাৰ এক তথ্য পোহৰলৈ আহিছিল হাটশিঙিমাৰী জিলা আদালতৰ এক অনুসন্ধানত।

পৰৱৰ্তী সময়ত বিষয়টো আৰক্ষীক তদন্তৰ বাবে আদালতে নিৰ্দেশ প্ৰদান কৰে। মন কৰিবলগীয়া বিষয় যে কি ৰহস্যজনক কাৰণত আৰক্ষীয়ে সাংবাদিককক আক্ৰমণ কৰা দুই বিজেপিৰ নেতাসহ ৯ জনীয়া আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা নাই। ইতিমধ্যে জিলা আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ দিয়াৰ পিছতো কিয় আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই ইয়াকে লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।