আজিজ আলী
মুকালমুৱা : মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয় উদ্বোধন কৰিলে বিধায়ক দিগন্ত বৰ্মনে। বৃহস্পতিবাৰে মুকলি কৰা হয় মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ। মুকালমুৱা সামূহিক স্বাস্থ্য কেন্দ্ৰক অসামৰিক চিকিৎসালয়লৈ উন্নীতকৰণ।

বৃহস্পতিবাৰে মুকালমুৱা সামূহিক স্বাস্থ্য কেন্দ্ৰক অসামৰিক চিকিৎসালয়লৈ উন্নীতকৰণ কৰা।হয়। মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়খন উদ্বোধন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে। অসামৰিক চিকিৎসালয়খনৰ ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো সা-সজুলিৰ অভাৱত মুকলি কৰিব পৰা হোৱা নাছিল।

পুৰণি গৃহ সমূহত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱাত বৃহস্পতিবাৰে নতুন ভৱনটোত অসামৰিক চিকিৎসালয়খন মুকলি কৰা হয়। মুকালমুৱা সামূহিক স্বাস্থ্য কেন্দ্ৰক অসামৰিক চিকিৎসালয় হিচাপে মুকলি কৰা হৈছে যদিও বৰ্তমান অসামৰিক চিকিৎসালয়খনত নাথাকিব পৰ্যাপ্ত সুবিধা।

অসামৰিক চিকিৎসালয়খনত পৰ্যায়ক্ৰমে সকলো ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে। অসামৰিক চিকিৎসালয়খনৰ বাবে দীৰ্ঘদিনীয়া আশা আছিল অঞ্চলবাসীৰ। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামী, মুকালমুৱা জিলা পৰিষদৰ সদস্য খাইৰুল হক চৌধুৰী, মহকুমা স্বাস্থ্য বিষয়া চক্ৰধৰ বৰ্মনকে ধৰি কেইবাজনো স্বাস্থ্য বিষয়া।