জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথৰ বিহালীৰ পৰা সন্ধানহীন হোৱা এজন ১৪ বছৰীয়া কিশোৰ বৃহস্পতিবাৰে ১১ দিন পিছত বিশ্বনাথত উপস্থিত হয়। ১১ দিন ধৰি খোজ কাঢ়ি বিশ্বনাথত উপস্থিত হয় কিশোৰ গৰাকী। ৰাজ্যত গৰু চুৰি চক্ৰই শিশু সৰবৰাহ কৰাৰ এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে কিশোৰ গৰাকীৰ স্বীকাৰোক্তিত।

উল্লেখ্য যে যোৱা ১১ জুনত বিশ্বনাথ জিলাৰ বিহালীৰ বাৰগাং চাহ বাগিচাৰ বুদু ভূঞাৰ ১৪ বছৰীয়া পুত্ৰ পিতৃৰ সৈতে নিজৰ ঘৰৰ গৰু বিচাৰি পুৱা ৬ মান বজাত ওলাই গৈছিল। কিন্তু হঠাৎ কিশোৰ গৰাকীৰ পিতৃয়ে কাম থকা বাবে পুত্ৰক গৰু বিচাৰিবলৈ এৰি দি ঘৰলৈ উভতি আহে। ইয়াৰ পিছৰে পৰা কিশোৰ গৰাকী সন্ধানহীন হৈ আছিল। পিতৃ-মাতৃয়ে কিশোৰ গৰাকীৰ সন্ধানত বিভিন্ন স্থানত হাহাকাৰ কৰে যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহয়।

বিশ্বনাথ জিলা ভূঞা সমাজ আৰু আদিবাসী ছাত্ৰ সন্থাই কিশোৰ গৰাকী সন্ধানহীন হোৱা সন্দৰ্ভত বিহালী থানাৰ অন্তৰ্গত বৰগাং আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে কিশোৰ গৰাকীৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাছিল। বৃহস্পতিবাৰে হঠাৎ সন্ধানহীন হোৱা কিশোৰ গৰাকী আহি উপস্থিত হয় বিশ্বনাথত। বিশ্বনাথত উপস্থিত হৈ কিশোৰ গৰাকীয়ে এক বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰাত সকলো লোক চিন্তিত হৈ পৰিছে।

কিশোৰ গৰাকীয়ে জানিবলৈ দিয়া মতে ভোকে-পিয়াহে ১১ দিন খোজ কাঢ়ি বিশ্বনাথত আহি উপস্থিত হৈছে। কেৱল সিমানেই নহয়, কিশোৰ গৰাকীয়ে যোৱা ১১ জুনত গৰু বিচাৰি থকা সময়তে কোনো গৰু চুৰি চক্ৰই অস্ত্ৰ দেখুৱাই চুৰিৰ গৰু ভৰ্তি গাড়ী এখনত কিশোৰ গৰাকীক বহুৱাই অজ্ঞাত স্থানলৈ লৈ গৈছিল। পিছত মইচিং নামৰ কোনো স্থানত গৰু চুৰি চক্ৰই কিশোৰ গৰাকীক বিক্ৰী কৰে।কিন্তু কিশোৰ গৰাকীয়ে সেই নিশাই ১২ মান বজাত সেই স্থানত সকলো লোক শুই থকা সময়ত পলায়ন কৰিবলৈ সক্ষম হয়।

সেই পলায়ন কৰা দিনৰ পৰা সম্পূৰ্ণ ১১ দিন কিশোৰ গৰাকীয়ে খোজ কাঢ়ি বিশ্বনাথত উপস্থিত হ’বলৈ সক্ষম হয়। কিশোৰ গৰাকীয়ে বিশ্বনাথৰ গলিয়াত আহি উপস্থিত হোৱাত স্থানীয় লোকে বিশ্বনাথ জিলা ভূঞা সমাজৰ এগৰাকী নেতাক খৱৰ দিয়ে। পিছত ভূঞা সমাজৰ নেতা গৰাকীয়ে কিশোৰ গৰাকীৰ পিতৃ-মাতৃক খবৰ দিয়াৰ লগতে বৰগাঙ আৰক্ষী চকীতো খবৰ দিয়ে। বৰগাঙ আৰক্ষীৰ এটা দল বিশ্বনাথৰ গলিয়াত উপস্থিত হৈ কিশোৰ গৰাকীক উদ্ধাৰ কৰে।