গুৱাহাটী, সংবাদ ৩৬৫, ২ মাৰ্চ: সমগ্ৰ দেশৰ লগতে ৰঙৰ উৎসৱ ফাকুৱা উদযাপনক লৈ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে সকলো মতলীয়া হৈ পৰা পৰিলক্ষিত হয় শুক্ৰবাৰে। ৰাজ্যৰ সৰ্বত্ৰে দৌল উৎসৱ উলহ মালহেৰে পালন কৰাৰ লগতে মহানগৰী গুৱাহাটীটো ৰাইজৰ মাজত ফাকুৱাক লৈ দেখা যায় হৰ্ষ-উল্লাস। ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে মহানগৰীৰ ৰাজপথ সমূহত দেখা যায় এক ৰঙীন আৰু আনন্দময়ী পৰিবেশ। যুৱক, যুৱতীৰ লগতে শিশুসকল ৰাজপথলৈ ওলাই আহি ইজনে সিজনক ফাকু লগাই ফাকুৰ ৰঙেৰে ৰঙীন হৈ পৰে। মহানগৰী গুৱাহাটীৰ ফাঁচী বজাৰত ফ্রেণ্ডছ ক্লাৱে আয়োজন কৰা হোলী মহোৎসৱত মহানগৰীবাসী মিলিত হয় গানৰ তালে তালে নাচি, বতাহত ফাকুৱা উৰুৱাই হোলীৰ আনন্দত মতলীয়া হৈ পৰে। মহানগৰীৰ লগতে সত্ৰনগৰী মাজুলীটো ফাকুৱাক লৈ উদুলি মুদুলী পৰিবেশ দেখিবলৈ পোৱা যায়। বুধবাৰৰ পৰা ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি মাজুলীত তিনিদিনীয়া কৈ আৰম্ভ হৈছে ফাকুৱা উৎসৱ। মাজুলীৰ ঐতিহ্য মণ্ডিত গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ আৰু দক্ষীনপাট সত্ৰৰ লগতে সম্পূৰ্ণ মাজুলী জিলাখন আকাশ বতাহ ফাকুৱা ৰঙেৰে ৰঙীন হৈ পৰে।