গুৱাহাটী, সংবাদ ৩৬৫, ১ জুলাই : গুৱাহাটী মহানগৰীত ভয়াবহ ৰূপ ধাৰণ কৰিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। লক ডাউন চলি থকাৰ মাজতে যোৱা ২৪ ঘণ্টাত গুৱাহাটীত কৰ’ণা ভাইৰাছত আক্রান্ত হ’ল ৩৮০ জন লোক। মঙলবাৰৰ দিনটোৰ সমগ্ৰ ৰাজ্যত আক্রান্ত হৈছে ৬১৩ জন লোক।

মহানগৰীত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বৃদ্ধিৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে যোৱা দেওবাৰে নিশাৰ পৰা গুৱাহাটীত ঘোষণা কৰিছে ১৪ দিনৰ বাবে লক ডাউন। লক ডাউনৰ ফলত বৰ্তমান সমগ্ৰ মহানগৰী স্তব্ধ হৈ পৰিছে যদিও কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ গতি ৰোধ হোৱা নাই। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ তুলনাত মহানগৰী গুৱাহাটীত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা।মঙলবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যতে ৬১৩ জন লোকৰ শৰীৰত ধৰা পৰিছে কৰুণা ভাইৰাছ, ইয়াৰে ৩৮০ জন লোক গুৱাহাটী মহানগৰীৰ। মঙলবাৰে নিশা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে গুৱাহাটীত ৩৮০ জন লোকৰ শৰীৰত কৰ’ণা ভাইৰাছ ধৰা পৰাৰ কথা।

ৰাজ্যত বৰ্তমান কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা হৈছে ৮,৪০৭ জন। আক্রান্ত ৮,৪০৭ জনৰ ভিতৰত ৫,৬৪৭ জন লোক আৰোগ্য লাভ কৰিছে যদিও কৰ’ণা ভাইৰাছত আক্রান্ত হৈ ৰাজ্যত মৃত্যু ঘটিছে ১২ জনকৈ লোকৰ। ৰাজ্যত বৰ্তমান কৰ’ণা ভাইৰাছত আক্রান্ত ২,৭৪৫ জন ৰোগী চিকিৎসাধীন হৈ আছে।