গুৱাহাটী ১৩ আগষ্টঃ ডিব্ৰুগড়ৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লৈ থকাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোড়ীয়ে আজি টেলিফোন যোগে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বার্তালাপ কৰে। প্রধানমন্ত্রীয়ে মুখ্যমন্ত্রীৰ পৰা শেহতীয়া বান পৰিস্থিতিৰ সবিশেষ বুজ লয় আৰু নিজৰ উদ্বিগ্নতা প্রকাশ কৰে। প্রধানমন্ত্রীয়ে পৰিস্থিতি মোকাবিলা কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা ৰাজ্যখনলৈ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে প্রধানমন্ত্রীক অৱগত কৰে যে ৰাজ্যখনৰ বান পৰিস্থিতি সম্প্রতি জটিল ৰূপ ধাৰণ কৰিছে আৰু ৰাজ্যখনৰ বান পৰিস্থিতি মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা তৎপৰতাৰে গ্ৰহণ কৰিছে। উদ্ধাৰ আৰু সাহায্য অভিযান তীব্রতৰ কৰাৰ বিষয়টাে অৱগত কৰি মুখ্যমন্ত্রীয়ে কয় যে জিলা উপায়ুক্তসকলক এই ক্ষেত্ৰত প্রয়োজনীয় জৰুৰী নির্দেশনা দিয়া হৈছে। প্ৰতিজন বানাক্রান্তই যাতে বান সাহায্য লাভ কৰে সেইটাে নিশ্চিত কৰাৰ বাবেও জৰুৰী নির্দেশনা ইতিমধ্যে দিয়া হৈছে বুলিও তেওঁ প্রধান মন্ত্রীক অৱগত কৰে।

শেহতীয়া প্ৰলয়ংকাৰী বানপানীৰ ফলত ৰাজ্যৰখনৰ উজনি আৰু নামনিৰ বিস্তীর্ণ এলেকা জলমগ্ন হােৱাৰ উপৰি ব্যপক পৰিমাণৰ ক্ষয়ক্ষতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন মূল পথ পানীত বুৰ যোৱাৰ ফলত পথ যোগাযোগ বিঘ্নিত হােৱাৰ বিষয়টােও প্রধানমন্ত্রীক অৱগত কৰে। প্রধানমন্ত্রীয়ে মুখ্যমন্ত্রী সোণোৱালীক কয় যে ৰাজ্যখনৰ জটিল বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে প্ৰয়োজনীয় সকলোধৰণৰ সাহায্য আগবঢ়াব।

আনহাতে প্রধানমন্ত্রীৰ কাৰ্যালয়ে আজি শেহতীয়া বানপানীৰ ক্ষয়-ক্ষতিৰ সবিশেষ প্রতিবেদন দাখিল কৰিবলৈ অসম চৰকাৰক নির্দেশ দিয়ে। প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ প্ৰধান সচিব নৃপেন্দ্র মিশ্ৰই আজি টেলিফোন যোগে মুখ্যসচিবক এই নির্দেশ দিয়ে। উল্লেখ্য যে মুখ্যমন্ত্রীৰ লগত হােৱা টেলিফোনিক বার্তালাপৰ পিছতে প্রধানমন্ত্রীয়ে তেওঁৰ কাযালয়ক এই সম্পৰ্কত যথোচিত ব্যৱস্থা ক্ষীপ্ৰভাৱে গ্ৰহণৰ নির্দেশ দিয়ে।