আন্ধেৰীঘাটৰ পৰা দিপজ্যোতি ডেকা, সংবাদ ৩৬৫, ১৩ মেঃ দৰং জিলাৰ ঝাকুৱাপাৰাত কিছুদিন পূৰ্বে বিহু সমিতিৰ লোকে বিহুৱা দলৰ সদস্যৰ ওপৰত আক্ৰমণ চলোৱা ঘটনা সংঘটিত হোৱাৰ পিছত এইবাৰ আক্ৰমণ চলিল কাৱৈমাৰীৰ ৰাংঢালী বিহুৱা দলৰ ওপৰত। উল্লেখ্য যে শনিবাৰে মৈজেলীৰ সুৰুজমুখী সংঘৰ আমন্ত্ৰণমৰ্মে কাৱৈমাৰীৰ ৰাংঢালী বিহুৱা দলটিয়ে বিহু নৃত্য প্ৰদৰ্শন কৰাৰ পিছত চুক্তিৰ ধন বিচাৰি যোৱাত বিহু সমিতিয়ে দলটিক মাত্ৰ এশ টকা আদায় দিয়ে। চুক্তিৰ ধন লৈ বিহুৱা দল আৰু বিহু সমিতিৰ মাজত তৰ্ক বিতৰ্কত সৃষ্টি হোৱাত বিহু সমিতিৰ একাংশ লোকে বিহুৱা দলটিৰ বাহনৰ ওপৰত আক্ৰমণ কৰি ক্ষতি সাধন কৰে। ঘটনাৰ সংক্ৰান্তত বিহুৱা দলটিৰ সম্পাদক ধৰ্মেন্দ্ৰ চৌধুৰীয়ে বুঢ়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।