হাজো, সংবাদ ৩৬৫, ২২ মাৰ্চ: দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীয়ে বুধবাৰে হাজো সমষ্টিৰ বৰমবৈত অভিযান চলাই ৰাজ্যিক পৰিবহন বিষয়ৰ চহী জালিয়াতি কৰি ভুৱা নথি পত্ৰ বনোৱা এজন প্ৰবঞ্চকক আটক কৰে। বৰমবৈৰ দ্বীপেন দাস নামৰ প্ৰৱঞ্চকজনে দীৰ্ঘ দিন ধৰি মা স্বৰস্বতী আৰু নৱনিতা ডিজিটেল নামৰ দুটা ষ্টুডিঅত ভূৱা ড্ৰাইভিং লাইচেঞ্চ বনাই বিভিন্ন জনক ধনৰ বিনিময়ত ভুৱা ড্ৰাইভিং লাইচেঞ্চ প্ৰদান কৰি আহিছিল। বুধবাৰে ছয়গাঁও আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি হাজো আৰক্ষীৰ লগত যুটীয়াভাৱে অভিযান চলাই দ্বীপেন দাস নামৰ প্ৰৱঞ্চক জনক আটক কৰে। আৰক্ষীয়ে দ্বীপেন দাসৰ কবলৰ পৰা বহু আপত্তিজনক নথি আৰু ড্ৰাইভিং লাইচেঞ্চ প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, প্ৰৱঞ্চক জনৰ পৰা দুখন চুৰিৰ বাইকসহ কম্পিউটাৰ, জেৰক্স মেচিন, প্ৰিন্টাৰকে ধৰি গাড়ীৰ ভূৱা আৰ চি তৈয়াৰ কৰা সামগ্ৰী জব্দ কৰে। বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে দ্বীপেন দাসক ছয়গাঁও আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে ৷